অসম লাইভ২৪ঃ
ধনৰ লালসাতেই শাহু আৰু স্বামীক হত্যা কৰিছিল বন্দনাই।
ডাবল মাৰ্ডাৰ কেচৰ ন ন তথ্য পোহৰলৈ আহিছে।
বন্দনা কলিতা কেয়াৰ টেকাৰ হিচাপে আছিল অমৰজ্যোতিৰ ঘৰত।
শংকৰী দে’ৰ অগাধ সম্পত্তিৰ তথ্য লাভ কৰিছিল বন্দনাই।
সম্পত্তিৰ লোভতেই অমৰ দে’ক প্ৰেমৰ জালত পেলাইছিল বন্দনাই।
প্ৰথমে প্ৰেম তাৰ পাছতেই অমৰ দে’ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা।
শাহু শংকৰী দে’ৰ সম্পত্তি হস্তগত কৰাৰ উদ্দেশ্য আছিল বন্দনাৰ।
সম্পত্তি হস্তগতৰ বাবে আলোচনা কৰিছিল ধনটি আৰু অৰূপৰ সৈতে।
আৰক্ষীয়ে আটক কৰিছে বন্দনাৰ লগতে ধনটি আৰু অৰূপকো।
বিগত প্ৰায় এসপ্তাহে অৰূপ, বন্দনা আৰু ধনটিক জেৰা চলাই আছে আৰক্ষীয়ে।
উদ্ধাৰ কৰিছে মৃতদেহৰ অৱশিষ্ঠ অংশ।
বৃহস্পতিবাৰৰ দিনটোত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বন্দনাই শাহু আৰু স্বামীক হত্যা কৰা দা’খনো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ