পূৰ্বেও বহুবাৰ বাংলাদেশৰ হিন্দু আৰু মন্দিৰৰ ওপৰত আক্ৰমণ চলিছে৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত তাত নতুনকৈ ধৰ্মীয় সংখ্যালঘুৰ উপৰত আক্ৰমণ আৰম্ভ হৈছে৷ ইয়াৰ প্ৰতিবাদত ৰাস্তাত নামিছে বাংলাদেশৰ হিন্দুসকল৷ এই আক্ৰমণৰ প্ৰতিবাদত পূৰ্বেও মিছিল কৰিছে ঢাকা আৰু চট্টগাওঁত৷ এই হিন্দুৰ ওপৰত নিৰ্যাতন, আক্ৰমণ, মঠ মন্দিৰ আৰু ঘৰবাৰী ভাঙি আৰু অগ্নিসংযোগৰ প্ৰতিবাদত মানব শৃংখল কৰা হৈছে টাঙ্গাইলৰ ভূঞাপুৰত৷ ইয়াৰ সৈতে বিভিন্ন দাবী জনাইছে বাংলাদেশৰ হিন্দু সংগঠনসমূহে৷
এই পৰিস্থিতিত মঙলবাৰে বিয়লি হিন্দু সম্প্ৰদায়সমূহে এক বিশেষ বৈঠকৰ আয়োজন কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনূছে৷ তেওঁ হিন্দুধৰ্মৰ মানুহৰ সৈতে আলোচনাত বহিবলৈ সাজু হোৱাৰ কথা জনাইছে ধৰ্মমন্ত্ৰণালয়ৰ উপদেষ্টা আফম খালিদ হুছেইনে৷ তাৰ চৰকাৰে বাংলাদেশৰ সংখ্যালঘূৰ কাষত থিয় হ’বলৈ সাজু বুলিও জনাইছে খালিদ হুছেইনে৷ ইউনূছৰ সৈতে বৈঠকত বহাৰ পূৰ্বে একাধিক দাবীৰ কথা উল্লেখ কৰিছে হিন্দু সংগঠনসমূহে৷ তাত যেনেকৈ হিন্দুৰ ওপৰত আক্ৰমণ চলিছে বিষয়টোক লৈ তেওঁলোকো যথেষ্ট উদ্বিগ্ন হৈ পৰিছে৷
বাংলাদেশৰ সংখ্যালঘু গোষ্ঠীসমূহে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে এখন সংখ্যালঘু সুৰক্ষা আইন আৰম্ভ কৰাৰ দাবী কৰিছে৷ ভাইৰেল খবৰ অনুসৰি ইউনূছৰ ওচৰত তেওঁলোকে ৮দফীয়া এখন দাবীৰ তালিকা তৈয়াৰ কৰি উলিয়াইছে এটা হিন্দু ছাত্ৰ সংগঠনে৷ হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ গোচৰসমূহৰ দ্ৰুত বিচাৰৰ বাবে এখন দ্ৰুত বিচাৰ ট্ৰাইবুনেল প্ৰতিষ্ঠা, সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন, হিন্দু ধৰ্মীয় কল্যাণ ট্ৰাষ্টক এটা ফাউণ্ডেছনলৈ উন্নীত কৰাৰ দাবীও কৰা হৈছে৷ বাংলাদেশৰ স্বৰাষ্ট্ৰ উপদেষ্টা ব্ৰিগেডিয়াৰ জেনেৰেল এম ছাখাউট হোছেইনে জনোৱা অনুসৰি তেওঁলোকে দুৰ্গাপূজাৰ সময়ত ৩ দিন ছুটীৰ বিষয়টোও বিবেচনা কৰি চাব৷
উল্লেখ্য যে জনসংখ্যাৰ ৰিপৰ্ট অনুসৰি, বাংলাদেশত প্ৰায় ১.৩৫ কোটি হিন্দুৱে বাস কৰে৷ তাত মুঠ বাসিন্দাৰ প্ৰায় ৮শতাংশ হিন্দু৷ ১৯৫১ চনত হিন্দু জনসংখ্যা আছিল প্ৰায় ২২ শতাংশ৷ ইয়াৰপাছতই কমিব ধৰিছে হিন্দুৰ সংখ্যা৷ তাৰ পৰা বহু হিন্দুৱে পলাই ভাৰতলৈকো আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ