অৱশেষত আহিল শুনানি- সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ, কেৱল ৭ শতাংশহে কোটা থাকিব
সংৰক্ষণৰ জুইত জ্বলি থকা বাংলাদেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ উচ্চতম ন্যায়ালয়ে চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। আজি ২১ জুলাই দেওবাৰে বাংলাদেশৰ শীৰ্ষ আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে।
বিবৃতিটোত কোৱা হৈছে যে সংৰক্ষণৰ এই অশান্তিৰ বাবে সমগ্ৰ দেশতে ক্ষোভৰ দাৱানল বিয়পি পৰিছিল। বৰ্তমানলৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। যাৰ বাবেই অৱশেষত দেশখনৰ শীৰ্ষ ন্যায়ালয়ে সিদ্ধান্ত লয়, এতিয়াৰ পৰা ৯৩ শতাংশ চৰকাৰী চাকৰি মেধাৰ ভিত্তিত আবণ্টনৰ নিৰ্দেশ দিয়াৰ বিপৰীতে কেৱল ৭ শতাংশহে ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত যুঁজ দিয়া যোদ্ধাৰ পৰিয়ালৰ বাবে বাকী আছে। এতিয়ালৈকে ৩০% চাকৰি এনে লোকৰ বাবে সংৰক্ষিত হৈ আছিল।
বাংলাদেশত এসপ্তাহ ধৰি সংৰক্ষণ সন্দৰ্ভত চলি আছিল এই হিংসাত্মক প্ৰতিবাদ। যাৰ ফলত শ শ লোকে প্ৰাণ হেৰুৱাইছে। সংবাদ সংস্থা ৰয়টাৰৰ মতে, চৰকাৰে সকলো কাৰ্যালয় আৰু প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। একে সময়তে দেশত কঠোৰ সান্ধ্য আইন জাৰি কৰা হৈছে।
চৰকাৰে আৰক্ষীক নিৰ্দেশ দিছিল দুস্কৃতিকাৰীক দেখা মাত্ৰেই গুলীচালনা কৰিবলৈ। যোৱা এসপ্তাহত কমেও ১১৪জন লোকৰ মৃত্যু হৈছে। একে সময়তে ৪ হাজাৰৰো অধিক লোক আহত হৈছে। এতিয়া দেওবাৰে উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ত নিম্ন আদালতৰ সিদ্ধান্ত সলনি কৰিলে। আদালতে ৯৩% চৰকাৰী চাকৰি মেধা ভিত্তিত দিবলৈ কয়। লগতে ৭% চাকৰি স্বাধীনতাৰ বাবে যুঁজ দিয়া সকলৰ পৰিয়ালৰ সদস্যৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ