১ এপ্ৰিলৰ পৰা নতুন অৰ্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষ আৰম্ভ হৈছে৷ ইতিমধ্যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ২০২২-২৩ বিত্তীয় বৰ্ষৰ বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে৷
এই নিৰ্দেশনাতে বিত্তীয় বৰ্ষ আৰম্ভণি মাহটোত কিমান দিন বেংক বন্ধ থাকিব তাৰো তথ্য সন্নিৱষ্ট কৰিছে৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি কেৱল অসমতে নহয় সমগ্ৰ দেশত এপ্ৰিল মাহত ১৫ দিন বেংক বন্ধ থাকিব৷
আৰবিআইৰ নিৰ্দেশনা অনুসৰি চলিত মাহতো ১ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ একেৰাহে বেংক বন্ধ থাকিব৷ আনহাতে অসমৰ লগতে সমগ্ৰ দেশতে এপ্ৰিল মাহত কেতিয়া কেতিয়া আৰু কি কি উপলক্ষ্যে বেংক বন্ধ থাকিব তাৰ তালিকাও আৰবিআই-এ প্ৰকাশ কৰিছে৷
লগতে পঢ়ক দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন
ভাৰতত ঠাই অনুযায়ী তলত উল্লেখ কৰা দিনকেইটাত হে বেংক বন্ধ থাকিব
এপ্ৰিল ১ – বাৰ্ষিক অডিট, প্ৰায় সকলো ৰাজ্যৰ বেংক বন্ধ৷
এপ্ৰিল ২ – গুড়ি পদৱা/উগাদি উৎসৱ/নৱৰাত্ৰি/তেলেগু নৱবৰ্ষ/চাজিবু নংগাম্পাম্বা (চাৰোবা)-কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, মণিপুৰ, ইম্ফল, জম্মু আৰু কাশ্মীৰ, গোৱাত বেংক বন্ধ৷
এপ্ৰিল ৩ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ৪ – চাৰিহুল – ঝাৰখণ্ডত বেংক বন্ধ৷
এপ্ৰিল ৫ – বাবু জগজীৱন ৰামৰ জন্মদিন – তেলেংগানাত বেংক বন্ধ৷
লগতে পঢ়ক মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
এপ্ৰিল ৯ – মাহৰ দ্বিতীয় শনিবাৰ৷
এপ্ৰিল ১০ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ১৪ – ড. বাবাচাহেব আম্বেদকাৰ জয়ন্তী/মহাবীৰ জয়ন্তী/বৈশাখী/তামিল নৱবৰ্ষ/চাৰোবা, বিজু উৎসৱ/বিহু- মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে আন ঠাইত বেংক বন্ধ৷
এপ্ৰিল ১৫ – গুড ফ্ৰাইডে/বঙালী আৰু অসমীয়া নৱবৰ্ষ/হিমাচল দিৱস/বিশু/ব’হাগ বিহু- ৰাজস্থান আৰু জম্মু-শ্ৰীনগৰৰ বাহিৰে আন ঠাইত বেংক বন্ধ৷এপ্ৰিল ১৬ – ব’হাগ বিহু – গুৱাহাটীত বেংক বন্ধ৷
এপ্ৰিল ১৭ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২১ – গাৰিয়া পূজা – ত্ৰিপুৰাত বেংক বন্ধ৷
লগতে পঢ়ক ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ
এপ্ৰিল ২৩ – মাহৰ চতুৰ্থ শনিবাৰে সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২৪ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২৯ – জম্মু আৰু শ্ৰীনগৰত শ্বাব-ই-কাদৰ/জুমত-উল-ভিদা- বেংক বন্ধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ