৩১ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগেই দেশৰ সংসদীয় ৰাজনীতিত শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে অন্য এক ইতিহাস ৰচিছে৷ শাসকীয় দলটোৱে ৰাজ্যসভাত শতক স্পৰ্শ কৰিছে৷ অৰ্থাৎ ৰাজ্যসভাত বিজেপি দলৰ সাংসদৰ সংখ্যাই শতক অতিক্ৰমণ কৰিছে৷
৩১ মাৰ্চৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ উচ্চ সদনত বিজেপিৰ সদস্যৰ সংখ্যা ৯৭ গৰাকী আছিল৷ কালি ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই সংখ্যা ১০১লৈ বৃদ্ধি হৈছে৷
প্ৰায় তিনিটা দশকৰ পিছত ৰাজ্যসভাত কোনো দলৰ সদস্যৰ সংখ্যাই পুনৰ শতক স্পৰ্শ কৰিছে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰাজীৱ গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে ১৯৮৮ চনত ২৪৫ সদস্য বিশিষ্ট ৰাজ্যসভাত কংগ্ৰেছৰ সদস্য সংখাই শতক স্পৰ্শ কৰিছিল৷
লগতে পঢ়ক ‘ছোৱালীৰ সামৰ্থ্যক অস্বীকাৰ কৰিলে সমাজ আগুৱাই নাযায়’, প্ৰধানমন্ত্ৰী মোদী
উল্লেখ্য যে ৩১ মাৰ্চত অসমসহ দেশৰ বিভিন্ন ৰাজ্যত ১৩ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ ১৩ খন আসনৰ ভিতৰত শাসকীয় দল বিজেপিয়ে ৪ খন আসনত বিজয়ী সাব্যস্ত কৰিছে৷ ইফালে নাগালেণ্ড আৰু অসমত বিজেপিৰ মিত্ৰ দলে এখনকৈ আসন লাভ কৰিছে৷
৩১ মাৰ্চৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যসভাত উত্তৰ পূৰ্বৰ পৰা কংগ্ৰেছ শূণ্য হৈ পৰিছে৷ অসমত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা পৰাস্ত হোৱাৰ লগে লগে ৰাজ্যসভাত উত্তৰ পূৰ্বৰ কংগ্ৰেছৰ প্ৰতিনিধি শূণ্য হৈ পৰাতো নিশ্চিত হয়৷ ইয়াৰ পূৰ্বে অসমৰ পৰা ৰিপুণ বৰা আৰু ৰাণী নৰহ ৰাজ্যসভাত কংগ্ৰেছৰ শেষ প্ৰতিনিধি আছিল৷ তেওঁলোকৰ কাৰ্যকাল ২ এপ্ৰিলত অন্ত পৰিব৷
লগতে পঢ়ক গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ
আনহাতে ৰাজ্যসভাত বিজেপিয়ে শতক অতিক্ৰম কৰাৰ বিপৰীতে কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৩৩ গৰাকীৰ পৰা ২৮ গৰাকীলৈ হ্ৰাস পাইছে৷ ইফালে ৰাজ্যসভাত অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ সদস্যৰ সংখ্যা বৃদ্ধি পাইছে৷ পঞ্জাৱ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছতে ৰাজ্যখনত খালী হোৱা আটাইকেইখন ৰাজ্যসভা আসনতে আপৰ প্ৰাৰ্থী জয়ী হৈছে৷ এইবাৰ পাঁচখন আসনত বিজয়ী হৈ আপ-এ ৰাজ্যসভাত আসনৰ সংখ্যা ৮ লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷
ৰাজ্যসভাত বিজেপিৰ সদস্য সংখ্যাই শতক অতিক্ৰমে আগন্তুক উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক যথেষ্ট লাভান্বিত কৰিব৷ উল্লেখ্য যে অহা আগষ্ট মাহত দেশৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ