সমাজে ল’ৰা আৰু ছোৱালীক বেলেগ বেলেগ দৃষ্টিভংগীৰে চোৱাটো উচিত নহয়৷ সমাজে ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য আনিলে আৰু ছোৱালীৰ সামৰ্থ্যক স্বীকৃতি নিদিলে সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে৷ এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পৰীক্ষা পে চৰ্চা’ নামৰ শিক্ষাৰ্থীৰে এক বৰ্তালাপ অনুষ্ঠানত এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ লগতে আৰু কয় যে ল’ৰা আৰু ছোৱালীৰ মাজত থকা বৈষম্যমূলক দৃষ্টিভংগীক ত্যাগ কৰাৰ সময় আহিছে৷
‘‘এতিয়া ছোৱালী পৰিয়ালৰ বাবে এটা ডাঙৰ সম্পদ আৰু শক্তি হৈ উঠিছে৷ এই ধাৰাক আৰু আগুৱাই নিয়াতো উচিত৷’’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷
লগতে কয় বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি : ৯৮ ফুট দৈৰ্ঘ্যৰ সৰ্পৰ কংকাল আৱিস্কাৰ!
সমাজত ল’ৰা আৰু ছোৱালীয়ে সমান মৰ্যাদা লাভ কৰিব লাগিব বুলি কৈ এয়া যুগৰ আহ্বান বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে৷
দেশৰ ক্ৰীড়া আৰু বৈজ্ঞানিক ক্ষেত্ৰলৈ ছোৱালীয়ে বিশিষ্ট অৱদান আগবঢ়াই আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছোৱালীয়ে আনুষ্ঠানিক ক্ষেত্ৰখনত আৰু অধিক সুযোগ সুবিধা লাভ কৰা উচিত৷
ইফালে সংসদত পূৰ্বতকৈ অধিক মহিলাই প্ৰতিনিধত্ব কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীসমূহতো ছোৱালীৰ যোগদান বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে৷
লগতে কয় আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি
‘‘যদি ল’ৰা আৰু ছোৱালীয়ে সমান সুযোগ আৰু সুবিধা লাভ কৰে তেতিয়া ছোৱালীয়ে ল’ৰাতকৈ অধিক ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব৷’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ