পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ গাদী হেৰুওৱাৰ ক্ষণ গণি থকাৰ সময়তে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে সোচ্চাৰ হৈছে প্ৰাক্তন পত্নী ৰেহাম খানে৷
ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানে টুইটাৰত বিস্ফোৰণ ঘটাই কৈছে যে ‘ইমৰাণ খান প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে পাকিস্তানখনেই শ্ৰেষ্ঠ আছিল৷’
উল্লেখ্য যে ২০১৮ চনত ‘নতুন পাকিস্তান’ গঢ়াৰ প্ৰতিশ্ৰুতিৰে পাকিস্তানৰ ক্ষমতালৈ আহিছিল ইমৰাণ খানে৷ কিন্তু ক্ষমতালৈ অহাৰ চাৰিটা বছৰৰ ভিতৰতে ইমৰাণ খানৰ দেশত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যই আকাশ চুইছে৷
লগতে পঢ়ক আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি
ইয়াৰ পিছতে বিৰোধীয়ে ইমৰাণ খানৰ চৰকাৰ পতন ঘটাবলৈ পাকিস্তানৰ নেচনেল এছেম্বলীত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে৷ ইতিমধ্যে ইমৰাণ খানৰ দুই সহযোগী দলে সংগ ত্যাগ কৰাৰ পিছতে তেওঁৰ চৰকাৰ কাৰ্যত সংখ্যালঘুত পৰিণত হৈছে৷
শুকুৰবাৰৰ পৰা পাকিস্তানৰ সংসদত ইমৰাণ খানৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱত বিতৰ্ক আৰম্ভ হৈছে আৰু অহা দেওবাৰে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷
কিন্তু অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ পূৰ্বে সংখ্যালঘুত পৰিণত হোৱাৰ দাবী কৰি ইমৰাণ খানক বিৰোধীয়ে পদত্যাগ কৰিবলৈ দাবী জনাই আহিছে৷ দেশৰ সংবাদ মাধ্যমে ইমৰাণ খানৰ চৰকাৰখন যিকোনো মুহূৰ্ততে পতন ঘটিব বুলিও প্ৰকাশ কৰিছে৷ ঠিক তেনে সময়তে ইমৰাণ খানৰ কটা গাঁত চেঙা তেল ঢালিছে প্ৰাক্তন তথা দ্বিতীয় পত্নী ৰেহাম খানে৷
লগতে পঢ়ক মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?
‘‘ইমৰাণ এতিয়া ইতিহাস!! মই ভাবো আমি এতিয়া ‘নতুন পাকিস্তানে’ এৰি যোৱা অৱৰ্জনাসমূহ পৰিষ্কাৰ কৰিব লাগিব৷’’ ৰেহাম খানে ইমৰাণ খানক অতি তীক্ষ্ণভাৱে কটাক্ষ কৰি এইদৰে টুইট কৰিছে৷
প্ৰাক্তন পত্নী ৰেহাম খানে ইৰমাণ খানৰ ‘বুদ্ধিমত্তা আৰু সক্ষমতা’ নাই বুলিও তাচ্ছিল্য কৰে৷ শুকুৰবাৰে ইমৰাণ খানে দেশবাসীক সম্বোধি দিয়া ভাষণৰ জেৰ টানি ৰেহাম খানে লগতে কয় ‘‘হয়, তুমি প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰ পাকিস্তানেই শ্ৰেষ্ঠ আছিল৷’’৷ অৰ্থাৎ ৰেহাম খানৰ মতে ইমৰাণ খানে পাকিস্তানক প্ৰায় ধ্বংস কৰিছে৷
Yes Pakistan was great when you were not the PM. #الوداع_سلیکٹڈ_الوداع
— Reham Khan (@RehamKhan1) March 31, 2022
উল্লেখ্য যে ২০১৫ চনত ইমৰাণ খান আৰু ৰেহাম খান দুয়োৱে নিজৰ নিজৰ প্ৰথম বিবাহ বিচ্ছেদ কৰাৰ পিছতে দ্বিতীয় বিবাহত আৱদ্ধ হৈছিল৷ বৰ্তমান ইংলেণ্ডৰ নিৱাসী সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা ৰেহাম খান আৰু ইমৰান খানৰ বিবাহ মাত্ৰ আঠ মাহে টিকিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ