কিছু বছৰ পূৰ্বে এহাল দম্পতীয়ে মহাকাশত হনিমুন কৰিবলৈ যোৱাৰ বাতৰি বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ এইবাৰ মহাকাশত বিশ্বৰ প্ৰথমখন বিলাসী হোটেল আৰম্ভ কৰাৰ বাতৰিও চৰ্চালৈ আহিছে৷
উল্লেখ্য যে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে (Elon Musk) পৃথিৱীৰ বাহিৰে অন্য গ্ৰহত মানুহক বসতি স্থাপন কৰিবলৈ ধন খৰচ কৰিব বুলিও বাতৰি মাজে মধ্যে প্ৰচাৰ হৈ আহিছে৷ এইবোৰ কৌতুহলৰ মাজতে এতিয়া আকৌ বাতৰি আহিছে মহাকাশত আৰম্ভ কৰা হ’ব বিলাসী হোটেল৷
লগতে পঢ়ক কেনেকৈ প্ৰৱঞ্চকৰ জালত পৰি ৪ কোটি টকা হেৰুৱালে বলিউদৰ অভিনেত্ৰীয়ে?
আজিৰ পৰা তিনিবছৰৰ মানৰ পূৰ্বে মহাকাশত হোটেল আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়ে বাতৰি উলাইছিল৷ আৰু ২০২৭ চনত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলিও প্ৰকাশ পাইছে৷
গেটৱে ফাউণ্ডেশ্যনৰ বাতৰি অনুসৰি ২০১৯ চনতে ইয়াৰ পৰিকল্পনা কৰা হৈছিল৷ এই প্ৰকল্পটোৰ নাম ৰখা হৈছিল ভন ব্ৰাউন ষ্টেচন৷ প্ৰকল্পটোৰ অনুসিৰ ক্ৰুজ হাজাৰৰ আৰ্হিত এই হোটেল নিৰ্মাণ কৰা হ’ব৷ আৰু ই পৃথৱীৰ উপৰিভাগত ওপঙি থাকিব৷ অৰ্থাৎ মহাকাশত উৰি থাকিব!
লগতে পঢ়ক গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?
হোটেলখনত মুঠ ২৪ টা মডিউল থাকিব আৰু প্ৰতিটোৱেই লিফ্টৰ সৈতে সংযোজিত হৈ থাকিব৷ অৰ্বিটাল এচম্বলীৰ কৰ্প’ৰেচনৰ দ্বাৰা নিৰ্মাণ কৰা এই মডিউলৰ ৰাউণ্ডবোৰ একোটা ডাঙৰ দোলনাৰ দৰে দেখা যাব৷
উল্লেখ্য এই প্ৰতিষ্ঠানে মাধ্যাকৰ্ষণ মুক্ত গাঁথনি নিৰ্মাণৰ বাবে বিশেষ নাম আছে৷ মাধ্যাকষৰ্ণ শক্তি নথকাৰ বাবে উক্ত হোটেলৰ ভিতৰত পৃথিৱীত কৰিব নোৱাৰা বহু কাম কৰিবলৈ সক্ষম হ’ব৷ ধন থকা মানুহে মহাকাশৰ এই বিলাসী হোটেলত পৃথিৱীত অসম্ভৱ হোৱা বহু কাৰ্য সম্পাদন কৰি জীৱন উদযাপন কৰিব পাৰিব!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ