৯৮ ফুট দৈৰ্ঘ্যৰ সাপৰ এটা কংকাল আৱিস্কাৰ হৈছে৷ গুগল মেপত ধৰা পৰিছে ৯৮ ফুট দৈৰ্ঘ্যৰ সাপৰ কংকালটো৷
গুগলমেপফেন নামৰ এটা টিকটক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা সাপৰ এই কংকালটো ফ্ৰান্সত দেখা পোৱা বুলি কোৱা হৈছে৷
টিকটিকত ভাইৰেল হোৱাৰ পিছতে এই দীৰ্ঘতম সাপৰ কংকালটোৰ বিষয়ে বিশ্বৰ চাৰিওফালে তীব্ৰ কৌতূহল বৃদ্ধি পায়৷
লগতে পঢ়ক মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?
টিকটক ভিডিঅ’টোৰ মতে জলাশয়ৰ মাজত পৰি সাপৰ কংকালটোক ‘টাইটানোবোৱা’ বুলি দাবী কৰা হয়৷ উল্লেখ্য যে এই বৃহদাকাৰ সৰ্পৰ প্ৰজাতিটো ইতিমধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হৈছে৷ সেয়ে এই কংকালটো সঁচাকৈয়ে টাইটানোবোৱা সাপৰ হয় নে নহয় তাকে প্ৰশ্নৰ উদ্ৰেক হয়৷
এই প্ৰশ্ন উদ্ৰেক হোৱাৰ পিছতে সাপৰ কংকালটোৰ বিষয়ে অনুসন্ধান চলোৱা হয়৷ অনুসন্ধানত এইটো নিশ্চিত হৈছে যে ই এইটো টাইটানোবোৱা সাপৰ কংকাল নহয়৷
লগতে পঢ়ক অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?
এইটো হৈছে সৰ্পৰ কংকাল আকৃতিৰ এটা ভাস্কৰ্যহে৷ ধাতুৰে নিৰ্মিত এই ভাস্কৰ্যটোক ‘লা চাৰ্পণ্ট ডি’পপচন’ বুলি কোৱা হয়৷
৪২৫ ফুট দৈৰ্ঘ্যৰ এই সাপৰ কংকাল সদৃশ ভাস্কৰ্য ফ্ৰান্সৰ পশ্চিম উপকূলত আছে আৰু ইয়াক ২০১২ চনত এচুৱেৰী এয়াৰ আৰ্ট প্ৰদৰ্শনীত উন্মোচন কৰা হৈছিল৷
এট্লাছ অবিস্কউৰাৰ প্ৰতিবেদন অনুসৰি এই ভাস্কৰ্যটো হুয়াং ইয়ং পিঙে সৃষ্টি কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ