প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰদান কৰা এক ঘটনা পোহৰলৈ আহিছে৷ চোৰাংচোৱা সূত্ৰৰ অনুসৰি নেচনেল ইন্টেলিজেন্স এজেঞ্চি(NIA)এ মেইলযোগে এই ভাবুকি লাভ কৰিছে৷
সূত্ৰটোৰ মতে মেইলটোত ২০ কিলোগ্ৰাম বিস্ফোৰকেৰে হত্যা কৰিবলৈ ২০ টা শ্লীপাৰ চে’লো সাজু কৰি তোলা হৈছে৷
আত্মঘাতী আক্ৰমণেৰে প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচি থকা হৈছে বুলি মেইলটোত কোৱা বুলি চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে৷
লগতে পঢ়ক গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ
মেইলটো প্ৰেৰকজনে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা বুলিও দাবী কৰিছে৷
‘‘মই কিছুমান সন্ত্ৰাসবাদী সংগঠনক সাক্ষাৎ কৰিছো, তেওঁলোকে মোক আৰডিএক্স দি সহযোগ কৰিব৷ সহজেই বোম যোগাৰ কৰিব পাৰি মই সুখী৷ মই য’তে ত’তেই বোমা বিস্ফোৰণ ঘটাব পাৰিম৷ মই পৰিকল্পনা কৰিলো, ২০ টা শ্লীপাৰ চেল সক্ৰিয় হ’ব আৰু কেবালাখ মানুহক হত্যা কৰিম..!’’ মেইলটোত এইদৰে লিখা হৈছে৷
ইতিমধ্যে দেশৰ অনুসন্ধান সংস্থাসমূহে মেইলটো অহা ইমেইল আইডিটোৰ সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰিছে৷ মেইলটো NIAৰ মুম্বাই শাখালৈ প্ৰেৰণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ