আৰিয়ান খানৰ ড্ৰাগছ কাণ্ডৰ এগৰাকী অন্যতম সাক্ষী প্ৰভাকৰ ছেইলৰ মৃত্যু হৈছে৷ শুকুৰবাৰে মুম্বাইৰ চেম্বুৰৰ মাহুল এলেকাত হৃদৰোগত আক্ৰান্ত হৈ প্ৰভাকৰৰ মৃত্যু হৈছে৷ প্ৰভাকৰৰ আইনজীৱী তুষাৰ খাণ্ডাৰে এই কথা প্ৰকাশ কৰিছে৷
উল্লেখ্য যে প্ৰভাকৰ ছেইল আছিল প্ৰাইভেট ডিক্টেটিভ কিৰণ গোছাভীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী৷ প্ৰভাকৰ ছেইলে আৰিয়ান খান ড্ৰাগছ কাণ্ডত তদন্তকাৰী বিষয়া তথা মুম্বাইৰ আঞ্চলিক NCBৰ সঞ্চালক সমীৰ ৱাংখেড়েই কিৰণ গোছাভী আৰু ছেম ডি’চুজাৰ সৈতে মিলি শ্বাহৰুখ খানৰ পৰা ২৫ কোটি টকা দাবী কৰাৰ ষড়যন্ত্ৰ কৰা বুলি বিস্ফোৰক অভিযোগ কৰিছিল৷
লগতে পঢ়ক মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
প্ৰভাকৰ ছেইলে অভিযোগ কৰিছিল যে আৰিয়ান খানৰ ড্ৰাগছ কাণ্ডৰ কিৰণ গোছাভীয়ে অন্য এক সাক্ষী ছেম ডি’চুজাৰ সৈতে মিলি শ্বাহৰুখ খানৰ মেনেজাৰৰ পৰা ২৫ কোটি টকা দাবী কৰি তাৰে এক অংশ ধন NCBৰ বিষয়া সমীৰ ৱাংখেড়ৰ প্ৰদান কৰাৰ কথা আছিল৷
আৰিয়ান খান ড্ৰাগছ কাণ্ডৰ সম্পৰ্কে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে প্ৰভাকৰ ছেইলে তেওঁৰ জীৱনৰ প্ৰতি ডাঙৰ ভাবুকি অহা বুলিও দাবী কৰি আহিছিল৷
লগতে পঢ়ক ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ
ইফালে সমীৰ ৱাংখেড়েই জোৰদবৰস্তি উকা কাগজত তেওঁৰ চহী লোৱা বুলিও বিস্ফোৰক অভিযোগ কৰি আহিছিল প্ৰভাকৰ ছেইলে৷
জীৱনৰ প্ৰতি চৰম ভাবুকি অহা বুলি প্ৰকাশ কৰি অহাৰ পিছতে হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ প্ৰভাকৰ ছেইলৰ মৃত্যু হোৱা কথাটোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ