ঘৰত সোণ ৰখাটো বহুতৰে প্ৰধান সমস্যা হৈ পৰিছে৷ কাৰণ দিনকদিনে বাঢ়িছে চোৰ আৰু ডকাইতৰ ভয়৷ সোণৰ গহনাৰ ক্ষতি হোৱাৰো আশংকা আছে৷ যাৰবাবে বেংকৰ লকাৰত সোণ ৰখা আৰম্ভ কৰিছে ক্ৰেতাই৷ জানি থোক সৰ্বোচ্চ কিমান সোণ আপুনি বেংকৰ লকাৰত ৰাখিব পাৰে?
লকাৰত সোণ ৰখা এক ভাল বিকল্প
মানুহে প্ৰায়েই তেওঁলোকৰ গহনা নিৰাপদে ৰখাৰ বাবে বেংকৰ লকাৰত ৰাখে৷ লকাৰত গহনা ৰখা এটা ভাল বিকল্প৷ এই সোণ ৰখাৰ বাবদ বেংকক আপুনি কিছু পৰিমাণে ফি জমা দিব লাগে৷ কিন্তু আপুনি জানেনে লকাৰত গহনা ৰখাৰ বাবে কিছু নিয়ম আছে?
আপুনি ঘৰত কিমান সোণ ৰাখিব পাৰে?
আয়কৰ আইন অনুসৰি এগৰাকী বিবাহিত মহিলাই ৫০০ গ্ৰাম সোণ ৰাখিব পাৰে৷ য’ত অবিবাহিত মহিলাসকলৰ বাবে সীমা ২৫০ গ্ৰাম৷ ইয়াৰোপৰি পুৰুষে তেওঁলোকৰ নামত কেৱল ১০০ গ্ৰাম সোণ মজুত ৰাখিব পাৰে৷ ইয়াৰ অৰ্থ হৈছে প্ৰতিটো পৰিয়ালৰ বাবে সোণ ৰখাৰ সীমাও পৃথক৷ উদাহৰণস্বৰূপে যদি এজন বিবাহিত পুৰুষ আৰু মহিলা একে পৰিয়ালত থাকে তেন্তে তেওঁলোকে মুঠ ১০০ গ্রাম + ৫০০ গ্রাম = ৬০০ গ্ৰাম সোণ মজুত ৰাখিব পাৰে৷
লকাৰত সোণ ৰখাৰ সীমা
আৰ বি আইৰ গাইডলাইন অনুসৰি বেংক লকাৰত সোণ ৰখাৰ সৰ্বোচ্চ কোনো সীমা নাই৷ লকাৰত সোণ ৰখাৰ পৰিমান বেংকৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰে৷ আপোনাৰ কাষত অৱশ্যে সোণ ক্ৰয়ৰ প্ৰমাণ পত্ৰ থাকিব লাগিব৷ আপুনি বৈধভাৱে সেই সোণ কিনিছে তাৰপ্ৰমাণ আপুনি দিব লাগিব৷ সহজ কথাত বেংক লকাৰত কিমান সোণ ৰাখিব পাৰে সেই বিষয়ত আৰ বি আইয়ে কোনো নিয়ম নিৰ্ধাৰণ কৰা নাই৷ গ্ৰাহকে তেওঁলোকৰ বেংক লকাৰত কিমান সোণ ৰাখিব খোজে তেন্তে সিদ্ধান্ত লোৱাৰ দায়িত্ব গ্ৰাহকৰ৷
লকাৰৰ অগ্ৰাধিকাৰ তালিকা
দীপাৱলিৰ পাছত বেংকিং নিয়মৰ পৰিবৰ্তন অনাৰ ফলত লকাৰ খোলা ব্যক্তিয়ে এতিয়া এখন অগ্ৰাধিকাৰ তালিকা দিব লাগে৷ ইয়াৰ অৰ্থ হৈছে লকাৰ খোলাৰ সময়ত ব্যক্তিয়ে বেংকত এখন লিখিত বিবৃতি দিব লাগিব৷ তেওঁলোকে লিখি দিব লাগিব যে তেওঁলোকৰ মৃত্যুৰ পাছত লকাৰ খোলাৰ অধিকাৰ কাৰ থাকিব৷
ইয়াৰ উদ্দেশ্য হৈছে নিৰাপত্তা জোৰদাৰ কৰা আৰু ভৱিষ্যতে আইনী বিৰোধ দূৰ কৰা৷ পূৰ্বে লকাৰধাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ সদস্যসকলে প্ৰায়েই লকাৰক লৈ কাজিয়া কৰে৷ সেয়ে এতিয়া অগ্ৰাধিকাৰ তাৰিকা কাৰ্যকৰ কৰি দিয়া হৈছে৷ তালিকা অনুসৰি লকাৰ খোলোতে লিখা পত্ৰত যাৰ নামত প্ৰথমে থাকিব তেওঁৱেই লকাৰ খুলিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















