পশ্চিমবংগৰ বৰ্ধমানৰ এখন গাঁৱৰ এজন স্বামীয়ে চৰকাৰী নাৰ্ছ তথা নিজ পত্নীৰ হাত কাটি দুচেও কৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ৰেণু খাতুৰ স্বামী শ্বেৰ মহম্মদক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়৷
স্বামী শ্বেৰ মহম্মদে প্ৰকাশ কৰা অনুসৰি পত্নীক আক্ৰমণত তেওঁ আৰু দুজন লোকে সহযোগ কৰিছিল আৰু তেওঁলোক ভেৰোনীয়া আছিল৷ ইতিমধ্যে আৰক্ষীয়ে এই দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে৷
পত্নীয়ে চৰকাৰী চাকৰি পোৱাৰ পিছত তেওঁক ত্যাগ কৰি গুচি যাহ বুলি সন্দেহ কৰিয়ে শ্বেৰ মহম্মদে পত্নীক আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতে আৰক্ষীৰ আগত স্বামীয়ে পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে বুলিও দাবী কৰিছে৷
লগতে পঢ়ক পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?
ইফালে পত্নীয়ে এই অভিযোগ নস্যাৎ কৰিছে৷ চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে নিবনুৱা শ্বেৰ মহম্মদে পত্নী ৰেণুৱে তেওঁক ত্যাগ কৰি গুচি যাব বুলি বাৰে অভিযোগ কৰি আহিছিল৷ পত্নী ৰেণুৱে স্বামীক এৰি নাযাওঁ বুলি বাৰে বাৰে কৈ অহাৰ পিছতো সেয়া স্বামীয়ে সেই কথা বিশ্বাস নকৰি এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে৷
আৰক্ষীয়ে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমত প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাৰ দিনা নিশা ১১ বজাত পিছফালৰ দুৱাৰখন স্বামী শ্বেৰ মহম্মদে খুলি দিছিল আৰু ভেৰোণীয়া লোককেইজনে হাতত চোকা অস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল৷
সেই সময়ত ৰেণু শুই আছিল৷ তেওঁলোকে আঁঠুৱাৰ ভিতৰতে আঁঠুৱাসহ ৰেণুক হেঁচা মাৰি ধৰি প্ৰথমে ভৰি দুখন আৰু মুখত হেঁচি ধৰিছিল৷ ইয়াৰ পিছতে টিন কটা কেঁচি আৰু চোকা ছুৰিৰে ৰেণুৰ হাত কাটি প্ৰায় দুচেও কৰিছিল৷
লগতে পঢ়ক অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত
ৰেণুৱে প্ৰথমাৱস্থাত চিঞৰিছিল যদিও পিছত তেওঁৰ মুখত সোপা দি লোৱা হৈছিল বুলি প্ৰকাশ কৰিছে৷ এই জঘন্য কাণ্ডটো সংঘটিত কৰি আটাইকেইজনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে৷
ইফালে ঘটনাৰ সন্দৰ্ভত ৰেণুৰ শহু আৰু শাহুৰেককো গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰাথমিক তদন্তৰ মতে ঘটনাৰ ষড়যন্ত্ৰৰ সম্পৰ্কে তেওঁলোক অৱহিত নাছিল৷
আনহাতে ঘটনাটোৱে সমগ্ৰ পশ্চিমবংগত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰেণু খাতুন নাৰ্ছৰ চাকৰিৰ পৰিৱৰ্তে অন্য চাকৰি দিয়াৰ লগতে কৃত্ৰিম হাতো লগাই দিয়া হ’ব বুলি ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ