কোভিড মহামাৰীয়ে সাধাৰণ জনতাৰ জীৱন-জাৱিকা তচনচ কৰিলেও ২০২১ বৰ্ষটো বিশ্বৰ ধনকুবেৰসকলৰ বাবে আশীৰ্বাদ বুলি প্ৰমাণিত হৈছিল৷ বিগত বৰ্ষটোত বিশ্বৰ প্ৰায়সকল ধনকুবেৰ অৰ্থাৎ বিলিয়নাৰৰ সম্পত্তিৰ পৰিমাণ দোপতদোপে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল৷
কিন্তু ইয়াৰ বিপৰীতে দুই ভাৰতীয় ধনকুবেৰৰ বাহিৰে ২০২২ চনটো বিশ্বৰ প্ৰায়সংখ্যক ধনকুবেৰৰ বাবে অভিশাপৰূপেহে দেখা দিছে৷
শেহতীয়াকৈ প্ৰকাশ পোৱা ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে বিশ্বৰ প্ৰায়সকল ধনকুবেৰৰ সম্পত্তি হোৰাহোৰে হ্ৰাস হৈছে৷ শুকুৰবাৰে প্ৰকাশ পোৱা ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে এলন মাস্কৰ পৰা ষ্টিভ ভলমাৰলৈকে প্ৰায় ৩০০ বিলিয়ন আৰৱ ডলাৰ সম্পত্তি লোকচানৰ সন্মুখীন হৈছে৷
লগতে পঢ়ক পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে
অৱশ্যে ভাৰতৰ মুকেশ আম্বানী, গৌতম আদানী আৰু ৱাৰেন বাফেট হৈছে একমাত্ৰ ধনকুবেৰ, যাৰ ধন-সম্পত্তি বৃদ্ধি হৈ এই সময়ছোৱাত বিশ্বৰ শীৰ্ষ-১০ ধনকুবেৰ ভিতৰত স্থান লাভ কৰিছে।
ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে, বিশ্বৰ আটাইতকৈ ধনী টেছলাৰ চিইঅ’ এলন মাস্কে চলিত বৰ্ষত এতিয়ালৈকে ৫৫.৯ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তি হেৰুৱাইছে। বৃহস্পতিবাৰে তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ২১৪ বিলিয়ন আৰৱ ডলাৰ।
একে সময়তে দ্বিতীয় স্থানৰ ধনী জেফ বেজ’ছে ছমাহ নৌহওঁতেই ৫২.৪ বিলিয়ন আৰৱ ডলাৰ লোকচান ভৰিছে। এতিয়া তেওঁ ১৪০ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে।
লগতে পঢ়ক খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!
এই বছৰ লোকচানৰ সন্মুখীন হোৱাসকলৰ ভিতৰত বাৰ্নাৰ্ড আৰ্ন’ল্টও আছে। এবছৰত তেওঁৰ সম্পত্তি ৪৫.৯ বিলিয়ন ডলাৰ হ্ৰাস পায়। বৰ্তমান তেওঁ ১৩২ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে ব্লুমবাৰ্গ বিলিয়নাৰছ ইনডেক্সত তৃতীয় স্থান লাভ কৰিছে।
বিলগেটছৰ বাবেও ২০২২ চনটো অভিশাপৰূপে দেখা দিছে। তেওঁৰ সম্পত্তিও ১৭.৫ বিলিয়ন আৰৱ ডলাৰ হ্ৰাস পাই ১২১ বিলিয়ন ডলাৰ হৈছে। পঞ্চম স্থানত আছে ৱাৰেন ৱাফেট, যিয়ে এই বছৰত এতিয়ালৈকে মাত্ৰ ১২৭ মিলিয়ন আৰৱ ডলাৰহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সম্পত্তি এতিয়া ১০৯ বিলিয়ন আৰৱ ডলাৰ।
লেৰী পেজেও চলিত বছৰত ২৪.৩ বিলিয়ন ডলাৰৰ লোকচান ভৰি ১০৪ বিলিয়ন আৰৱ ডলাৰেৰে ষষ্ঠ স্থানত আছে। এইবোৰৰ বাহিৰেও ছাৰ্গেই ব্ৰিনৰ সম্পত্তি ২৩.৭ বিলিয়ন আৰৱ ডলাৰ আৰু ষ্টিভ ভলমাৰৰ সম্পত্তি ২০.৩ বিলিয়ন আৰৱ ডলাৰ হ্ৰাস পাইছে।
লগতে পঢ়ক অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত
কানাডাৰ চেম্পেং ঝাও-এ যিয়ে ৮১.২ বিলিয়ন আৰৱ ডলাৰ লোকচান ভৰিছে। এতিয়া তেওঁৰ সম্পত্তি মাত্ৰ ১৪.৬ বিলিয়ন আৰৱ ডলাৰ। দ্বিতীয় নম্বৰত আছে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, যিয়ে চলিত বৰ্ষত এতিয়ালৈকে ৫৭.৩ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে। ৬৮.২ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে এতিয়া ১৪ নম্বৰ স্থানত আছে জুকাৰবাৰ্গ।
বিশ্বৰ শীৰ্ষ দহ কোটিপতিৰ সম্পদ হ্ৰাস হোৱাৰ এই সময়ছোৱাত ভাৰতৰ দুই ধন কুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ সম্পদ চলিত বৰ্ষত এতিয়ালৈকে প্ৰবল বৃদ্ধি হোৱা দেখা গৈছে।
চলিত বছৰত এতিয়ালৈকে আম্বানীৰ সম্পত্তি ১১.৮ বিলিয়ন আৰৱ ডলাৰ বৃদ্ধি পাইছে, আনহাতে আদানীৰ সম্পত্তি বৃদ্ধিৰ পৰিমাণ হৈছে ২১.১ বিলিয়ন আৰৱ ডলাৰ। আম্বানীয়ে ১০২ বিলিয়ন আৰৱ ডলাৰ সম্পত্তিৰেৰ বিশ্বৰ সপ্তম স্থানত আছে, আনহাতে ৯৭.৬ বিলিয়ন আৰৱ ডলাৰেৰে আদানীয়ে আৰু ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত নৱম স্থানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ