অভিনেত্ৰী কৰীণা কাপুৰ খানক সাধাৰণতে কেজুৱেল লুকত বেছিকৈ দেখা যায়। পুত্ৰ টাইমুৰৰ সৈতে ঘূৰি ফুৰাৰ সময়ত কৰীণাই বেছিভাগেই খেলা-ধূলা কৰে। শেহতীয়াকৈ কৰীণাই হালধীয়া ৰঙৰ টি-চাৰ্ট আৰু নীলা ৰঙৰ জগাৰ পিন্ধি স্প’ৰ্টছ কৰিছিল।
কেজুৱেল লুকত কৰীণাক ষ্টাইলিছ দেখা গৈছিল যদিও ছ’চিয়েল মিডিয়াত যেতিয়া কৰীণাৰ এই লুক ভাইৰেল হৈছিল তেতিয়া ইউজাৰসকলে তেওঁক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল।
আচলতে ‘লাল সিং চদ্দা’ অভিনেত্ৰীগৰাকীয়ে গুচি (GUCCI) ব্ৰেণ্ডৰ লেবেলৰ হালধীয়া ৰঙৰ টি-চাৰ্ট পিন্ধি ওলাই আহিছিল। এই অভাৰছাইজ টি-চাৰ্টটো কৰীণাই এটা নীলা জিন্সৰ সৈতে টিম আপ কৰিছিল। ইয়াৰ সৈতে লুকটো আকৰ্ষণীয় কৰিবলৈ কৰীণাই গোলাপী আৰু বগা চপ্পল পিন্ধিছিল।
লগতে পঢ়ক ১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?
পিছে কিয় ট্ৰ’ল খাইছে কৰীণা?
এতিয়া আপুনি নিশ্চয় ভাবিছে যে কৰীণাৰ এই কেজুৱেল লুকটো দেখাৰ পিছত কিয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে? আচলতে কৰীণাই ব্ৰেণ্ড লেবেল GUCCIৰ যিটো টি-চাৰ্ট পিন্ধিছিল, ইয়াৰ মূল্য ৪০ হাজাৰ টকা।
এই সাধাৰণ টি-চাৰ্টটোৰ মূল্য যেতিয়া ইউজাৰে জানিব পাৰিলে, তেতিয়া মানুহে ধেমেলীয়াকৈ কমেণ্ট কৰিবলৈ ধৰিলে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে ‘এই টি-চাৰ্টতকৈ ভাল টি-চাৰ্ট মংগলবাৰ বজাৰত পোৱা যাব।’ একে সময়তে আন এজন ইউজাৰে মন্তব্য কৰিছিল, ‘ইমান টকাত এটা বিয়াৰ সাজ আহিলহেঁতেন।’
দামী বস্তু বা সাজ-পোছাকৰ বাবে কৰীণাক ট্ৰ’ল কৰাটো এইবাৰেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কৰীণাক দামী মিনি পাৰ্চ, ঘড়ীৰ বাবে সামাজিতক মাধ্যমত সমালোচনা কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ