অসম লাইভ২৪ঃ নিজৰ চৰকাৰী ক্ষমতাৰে বলীয়ান হৈ গুৰু-গোসাঁই নামানি নিজ কাৰ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক কাণতলীয়া চৰ শোধাই বিতৰ্কত সোমাই পৰিছিল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা। বৰ্ণালী ডেকাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল৷
শুকুৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক চৰিওৱা আৰু মাৰপিট কৰাৰ পিছত কৰ্মচাৰীগৰাকী কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ ঘটনাক লৈ সকলোৱেই বৰ্ণালী ডেকাক সালোচনা কৰাৰ পাছতেই উপায়ুক্ত ডেকাই নিশাই চিকিৎসালয়খনত উপস্থিত হৈ নিজৰ ভুল বুজিব পাৰি ভুক্তভোগী কৰ্মচাৰীগৰাকীৰ লগতে পৰিয়ালৰ সদস্য সকলৰ ওচৰত লিখিত ৰূপত ক্ষমা খুজিবলৈ বাধ্য হয়৷
দেওবাৰে কৰ্মচাৰীগৰাকীৰ লগতে পৰিয়ালৰ সদস্যসকলে জানিব দিয়ে যে উপায়ুক্ত গৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে কোকৰাঝাৰ সদৰ থানাত দিয়া এজাহাৰ উঠাই লোৱা হৈছে৷ কিন্তু চিকিৎসালত চিকিৎসাধীন হৈ থকা কৰ্মচাৰীগৰাকীৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে উকা কাগজত চহী লৈ উধাও হয়৷ যিখিনি সময়ত কৰ্মচাৰীগৰাকী অসুস্থ আছিল তেনে সময়ত কিয় তেওঁৰ পৰা উকা কাগজত চহী কৰাই লোৱা হ’ল সেই বিষয়টো লৈহে শংকিত হৈ পৰিছে কৰ্মচাৰীজনৰ পৰিয়ালবৰ্গ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ