অসম লাইভ ২৪ঃ ‘নাই একো প্ৰত্যাশা, কেৱল তোমাৰ ভালপোৱাৰে পৰিবেষ্টিত হৈয়ে জীৱন জীওৱাৰ হেঁপাহ।’ মালাইকাৰ ওপজা দিনত প্ৰেমিক অৰ্জুন কাপুৰে প্ৰেম নিবেদন কৰি শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো।
৪৯ বছৰীয়া হ’ল মালাইকা। দেওবাৰে প্ৰেয়সী মালাইকাক শুভেচ্ছা জনাই শ্বেয়াৰ কৰা ফটোখনে এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰতে। ছবিত আইনাৰ সন্মুখত মালাইকাই থিয় দি আছে। মালাইকাৰ কাষতেই থিয় দি আছে প্ৰেমিক অৰ্জুন কাপুৰ। দুয়োৱে পৰিধান কৰিছে পূৰ্বে ৰজা-মহাৰজাই পিন্ধা সাজ।৩৭ বছৰীয়া অৰ্জুনে প্ৰেয়সীৰ কাষত থিয় হওঁতে দুয়োৰে মুখত জিলিকি উঠিছে প্ৰেমৰ গাঢ় ৰং।
ফটোখন শ্বেয়াৰ কৰি কেপশ্ব্যনত অৰ্জুনে লিখিছে, ‘এনেকৈয়ে থাকা, নিজৰ ধৰণেৰে, সুখী থাকা প্ৰিয়া।’ কেপশ্ব্যনত অৰ্জুনে শেষত লিখিছে, ‘ মই কেৱল তোমাৰ।’ অৰ্জুনে শ্বেয়াৰ পষ্টটোত অনুৰাগীৰ কমেন্টে দৃষ্টি কাঢ়িছে সকলোৰে। বলীউডৰ বহু সতীৰ্থই মালাইকাক ওপজা দিনৰ শুভেচ্ছা
জ্ঞাপন কৰাৰ লগতে প্ৰেমিক যুঁটিটোকো সুখেৰে থাকিবলৈ আশীৰ্বাদ দিয়াও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ