বিধায়ক আৱাসত হাহাকাৰ, ৰক্তাক্ত হৈ পৰিল বলিন চেতিয়াৰ আৱাস
আজি দিছপুৰৰ বিধায়ক আৱাসত হাহাকাৰ। বিধায়কৰ আৱাস গৃহৰ সমুখ ৰাঙলী হৈ পৰিল তেজেৰে। বিধায়ক বলিন চেতিয়াৰ আৱাসগৃহৰ সমুখত তেজৰ ডোঙা।
শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ বাসগৃহৰ সমুখ ৰক্তাক্ত হৈ পৰাৰ পাছতে হাহাকাৰ লাগি যায় বিধায়ক আৱাস। বিধায়কগৰাকীৰ বাসগৃহৰ সমুখত মাৰপিটৰ ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিধায়ক গৰাকীৰ বাসগৃহৰ সমুখত মাৰপিট লাগি এজন গুৰুতৰ ভাৱে আহত। মূৰত প্ৰচণ্ড আঘাত পাইছে এজনে, পাছে আঘাতপ্ৰাপ্ত লোকগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।
কিন্তু সঞ্জীৱ গোঁহাই নামৰ এজনে প্ৰহাৰ কৰাৰ অভিযোগ। বৰ্তমানলৈ ঘটনা সন্দৰ্ভত অভিযুক্তক আটক বা তেনে কোনো তথ্য জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ