জানেনে হালধিৰ আছে বহু উপকাৰিতা পাছে হালধী খালেও সাৱধান…
হালধি এবিধ এনে খাদ্য, যি শৰীৰৰ বাবে বিভিন্ন ৰোগত উপকাৰিতা। আয়ুৰ্বেদ শাস্ত্ৰত হালধিক সবাতোকৈ স্বাস্থ্যকৰ মছলা হিচাপে উল্লেখ আছে। ৰান্ধনী ঘৰৰ পৰা আৰম্ভ কৰি, সৌন্দৰ্য চৰ্চা আদি বিভিন্ন কামত ব্যৱহৃত । ইয়াৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰা বিধৰ।
হালধিৰ উপকাৰিতা
১. হালধি হৃদ ৰোগৰ বাবে উপকাৰী। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।
২. শৰীৰৰ যিকোনো ধৰণৰ কটা – ছিঙা বা ঘাঁহ আদি হ’লে তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়।
৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।
৪. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।
৫. হালধি ছালৰ সংক্ৰমণ ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে পোৰা আদিত হালধিৰ ব্যৱহাৰ কৰে।
৬. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী।
৭. হালধি সংক্ৰমণ ৰোধক, এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণযুক্ত।
৮. হালধি চকুৰ ৰোগ ৰ বাবে উপকাৰী। কেটেৰেক্ট , ইউডিআইটিচৰ দৰে চকুৰ ৰোগ সমূহ নিৰাময় কৰে।
৯. লিভাৰৰ ৰোগ, আভোক, জণ্ডিছ আদি ৰোগৰ বাবে হালধি উপকাৰী।
১০. ৰাতিপুৱাৰ সময়ত হালধি গাখীৰ খালে শৰীৰৰ এলাৰ্জি সমূহ নাইকিয়া হয় ।
১১. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি।
১২. হালধিয়ে মধুমেহ নিয়ন্ত্ৰণ কৰে। হালধি মধুমেহ ৰোগৰ বাবে উপকাৰী। হালধিত থকা লিপোপলিচেকেইড নামৰ উপাদানটোৱে তেজ গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
১৩. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিনৰ প্ৰভাৱত বিডিএনএফ নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে যাৰ বাবে আলঝেইমাৰৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।
১৪. প্ৰস্বাৱ কমকৈ হোৱা বা প্ৰস্বাৱত জ্বলা – পোৰাত হালধিৰ উপকাৰিতা । ২ চামুচ হালধি ৰস , ৪ চামুচ চালকুৱৰি ৰস আৰু ১/২ কাপ কূহুমিয়া পানী দিনত তিনিবাৰকৈ খালে E. Coli বীজাণু ৰোধ কৰিব পাৰে।
১৫. শৰীৰৰ অত্যাধিক ওজন হ্ৰাস কৰাত হালধি উপকাৰী।
১৬. জুয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।
কিদৰে ব্যৱহাৰ কৰিব হালধি –
হালধি গুৰি ১ চামুচ আৰু ১/২ গিলাছ সামান্য গৰম পানীত দি মিহলাই দৈনিক দুবাৰকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
কেঁচা হালধি, ক’লা তুলসী, বেচন আৰু মৌ ৰস মিহলাই প্ৰলেপ মুখমণ্ডলত লগালে মুখৰ ক’লা দাগবোৰ আঁতৰ হয়।
ৰাতিপুৱা সময়ত ১/২ লিটাৰ পানীৰ খোৱাৰ পাছত ২ চাহ চামুচ কেঁচা হালধি ৰস দৈনিক সেৱন কৰিলে পেলু, কৌষ্ঠকাটিন্য আৰু গেষ্ট্ৰাইটিজ ৰ পৰা ৰক্ষা পাব পাৰি।
হালধি ২ চামুচ ১ গিলাচ গাখীৰ দৈনিক দুবাৰ খালে স্বাস্থ্যকৰ আৰু শক্তিশালী হৈ থাকিব পাৰি।
১০০ গ্ৰাম কেচাঁ হালধি ভালকৈ ধুই খুন্দি ৰস উলিয়াই চেনি আৰু অলপ পানী দি দৈনিক তিনিবাৰকৈ খালে এচিডিটি ৰ পৰা ৰক্ষা পাব পাৰি।
কেঁচা হালধি নহৰু আৰু ঘিউৰ সৈতে সেৱন কৰিলে পেটৰ বিষ বা বদহজমৰ পৰা যথেষ্ট সকাহ পোৱা যায়।
হালধিয়ে এণ্টিবায়টিক হিচাপেও কাম কৰে।
পাছে হালধিৰ কিছুমান অপকৰিতাও আছে-
হালধিয়ে তেজ পাতল কৰে সেয়ে জোখতকৈ অধিক পৰিমাণে হালধি খাব নালাগে।
গৰ্ভৱতী মহিলাসকলে হালধি বেছি খাব নালাগে বেছি খালে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হ’ব পাৰে।
পিত্তত আৰু কিডনিৰ পাথৰ থকা লোকসকলে হালধি বেছি খাব নালাগে কাৰণ হালধি বেছিকৈ খালে পাথৰবোৰ আকাৰ বাঢ়িব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ