ষ্টেট বেংকত একাউণ্ট থকা সকললৈ বেয়া খবৰ, মূল্য বৃদ্ধি পাব এই ক্ষেত্ৰত
দেশৰ সবাতোকৈ ডাঙৰ চৰকাৰী বেংক ষ্টেট বেংক। যি বেংকত হয়তো দেশৰ জনতাৰ সৰ্বাধিক সংখ্যকৰে একাউণ্ট আছে। পাছে এই সকলোতকৈ অধিক একাউণ্ট থকা বেংকৰ এক খবৰ।
ভাৰতীয় ষ্টেট বেংকত একাউণ্ট থকা সকললৈ আহিছে এক বেয়া খবৰ। অহা ১ এপ্ৰিলৰ পৰা বেংকটোৰ একাউণ্ট ধাৰকে ভৰিব লাগিব অধিক টকা। ডেবিট কাৰ্ডৰ ক্ষেত্ৰত বৃদ্ধি পাব বাৰ্ষিক মূল্য ( Annual maintenance charge) ।
পাছে সকলো ডেবিট কাৰ্ডত সমানে বৃদ্ধি নাপাই মূল্য। যুৱ, গোল্ড, কম্বো ডেবিট কাৰ্ড, মাই কাৰ্ডৰ ক্ষেত্ৰত বৰ্তমানে বছৰি ১৭৫ টকাৰ লগতে জি এছ টি কাটিছিল, এতিয়াৰ পৰা সেই মূল্য ২৫০ টকাৰ লগতে জি এছ টি থাকিব।
ক্লাছিক, ছিলভাৰ, গ্লোৱেল ডেবিট কাৰ্ডত বৰ্তমানে ১২৫+জি এছ টি, ১ তাৰিখৰ পৰা হ’ব ২০০+জি এছ টি।
প্লেটিনাম ডেবিট কাৰ্ডৰ ক্ষেত্ৰত বৰ্তমানে ভৰিব লাগে ২৫০+জি এছ টি, ১ এপ্ৰিলৰ পৰা হ’ব ৩২৫+জি এছ টি।
প্ৰিমিয়াম বিজনেছ ডেবিট কাৰ্ডত বৰ্তমানে ভৰিব লাগে ৩৫০+জি এছ টি , এতিয়া ১ তাৰিখৰ পৰা ভৰিব লাগিব ৪২৫ +জি এছ টি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ