বেংকত জৰুৰী কাম থকা গ্ৰাহকসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে বেংক কৰ্মচাৰী আৰু বিষয়া সংগঠনসমূহে। ১১ ছেপ্টেম্বৰ ২০২৬ত এদিনীয়া সৰ্বভাৰতীয় বেংক ধৰ্মঘট, তাৰ পিছত ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত তিনিদিনীয়া ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছে বেংক কৰ্মচাৰীয়ে। ইয়াৰ পাছতো দাবীসমূহ পূৰণ নহ’লে ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটলৈ যোৱাৰ হুংকাৰ দিয়া হৈছে। এই আন্দোলনৰ নেতৃত্ব দিছে United Forum of Bank Unions (UFBU)-এ। UFBU হৈছে বেংক কৰ্মচাৰী আৰু বিষয়াসকলৰ কেইবাটাও বৃহৎ সংগঠনৰ উমৈহতীয়া মঞ্চ। সংগঠনটোৰ মূল দাবীসমূহৰ ভিতৰত আছে সপ্তাহত পাঁচদিন বেংকিং ব্যৱস্থা কাৰ্যকৰী কৰা, নতুন Performance Linked Incentive বা PLI ব্যৱস্থাক লৈ আপত্তি, পেঞ্চন সম্পৰ্কীয় বিষয় আৰু আন কেতবোৰ দীৰ্ঘদিনীয়া দাবী।
১১ ছেপ্টেম্বৰত এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট
UFBUৰ ঘোষণামতে ১১ ছেপ্টেম্বৰ, শুকুৰবাৰে দেশজুৰি এদিনীয়া বেংক ধৰ্মঘট পালন কৰা হ’ব। অৰ্থাৎ সেইদিনা ধৰ্মঘটত অংশগ্ৰহণ কৰা বেংকৰ শাখা সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে। ১১ ছেপ্টেম্বৰৰ পিছত ১২ আৰু ১৩ ছেপ্টেম্বৰ শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে বহু ঠাইত গ্ৰাহকে একেৰাহে কেইবাদিনো শাখা সেৱাৰ অসুবিধা পাব পাৰে। সেয়ে বেংক শাখালৈ গৈ কৰিবলগীয়া অতি জৰুৰী কাম থাকিলে গ্ৰাহকসকলে আগতীয়াকৈ কাম সম্পূৰ্ণ কৰি ৰখাটো সুবিধাজনক।
২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পুনৰ ধৰ্মঘট
প্ৰথম ধৰ্মঘটৰ পিছতো সমস্যা সমাধান নহ’লে ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত টানা তিনিদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সময়ছোৱা বেংকৰ অৰ্ধ-বাৰ্ষিক হিচাপ-নিকাচ বন্ধৰ সময়ৰ সৈতে মিলি যোৱাৰ বাবে বেংকিং সেৱাত ইয়াৰ প্ৰভাৱ যথেষ্ট হ’ব পাৰে বুলি প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত শাখাত নগদ ধন জমা বা উলিওৱা, চেক-সম্পৰ্কীয় কাম, বেংকত বিভিন্ন নথি দাখিল, একাউণ্ট সম্পৰ্কীয় কিছুমান সেৱা আদি পলম হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ATM, UPI, মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং আদি ডিজিটেল সেৱা ধৰ্মঘটৰ দিনত সম্পূৰ্ণৰূপে বন্ধ হ’বই বুলি ক’ব নোৱাৰি; এই সেৱাসমূহৰ কাৰ্যক্ষমতা বেংক আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। বেংক কৰ্মচাৰী সংগঠনসমূহে আটাইতকৈ কঠোৰ কাৰ্যসূচী হিচাপে ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ঘোষণা কৰিছে। অৰ্থাৎ ইয়াৰ পূৰ্বে চৰকাৰ আৰু বেংক পৰিচালনাৰ সৈতে আলোচনা কৰি দাবীসমূহৰ সমাধান নোহোৱালে ধৰ্মঘটৰ সময়সীমা নিৰ্দিষ্ট নোহোৱাকৈ আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
কিয় এই আন্দোলন?
এই আন্দোলনৰ অন্যতম মুখ্য দাবী হৈছে সপ্তাহত পাঁচদিন বেংকিং ব্যৱস্থা কাৰ্যকৰী কৰা। UFBU-য়ে দাবী কৰিছে যে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচদিন বেংকিং সেৱা চলাই শনিবাৰ আৰু দেওবাৰ নিয়মীয়াকৈ বন্ধ ৰখা হওক। ২০২৪ চনৰ ৮ মাৰ্চত স্বাক্ষৰিত ১২তম Bipartite Settlement/9th Joint Note-ৰ জৰিয়তে পাঁচদিনীয়া বেংকিং ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। ইয়াৰ অধীনত সোমবাৰৰ পৰা শুকুৰবাৰলৈ দৈনিক কৰ্মসময় ৪০ মিনিট বৃদ্ধি কৰাৰ প্ৰস্তাৱো আছিল। কিন্তু এই ব্যৱস্থা এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱাত সংগঠনসমূহ অসন্তুষ্ট হৈ আছে।
PLI ব্যৱস্থাক লৈও আপত্তি
বেংক কৰ্মচাৰী সংগঠনসমূহৰ আন এটা গুৰুত্বপূৰ্ণ আপত্তি হৈছে Performance Linked Incentive (PLI) ব্যৱস্থা। সংগঠনসমূহৰ অভিযোগ অনুসৰি নতুন PLI কাঠামোৱে বিভিন্ন স্তৰৰ কৰ্মচাৰী আৰু বিষয়াৰ মাজত বৈষম্য সৃষ্টি কৰিব পাৰে। UFBU-য়ে নতুন PLI ব্যৱস্থা প্ৰত্যাহাৰ কৰি বিষয়টো বেংক সংগঠনসমূহৰ সৈতে আলোচনা কৰি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী জনাইছে। এই বিষয়টো লৈ আইনী প্ৰক্ৰিয়াও চলি আছে আৰু ৬ অক্টোবৰত আদালতত বিষয়টোৰ শুনানি নিৰ্ধাৰিত থকাৰ কথা AIBEA-ৰ পূৰ্বৰ আপডেটত উল্লেখ কৰা হৈছে। কেৱল পাঁচদিনীয়া বেংকিং ব্যৱস্থাই নহয়, কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰীসকলৰ সৈতে জড়িত কেতবোৰ পেঞ্চন সম্পৰ্কীয় বিষয়ো আন্দোলনৰ দাবীৰ ভিতৰত আছে। পেঞ্চনৰ সংশোধন, পেঞ্চনৰ ওপৰত মৰগীয়া বানচ বা DA-ৰ একে ধৰণৰ গণনা পদ্ধতি আৰু আন দীৰ্ঘদিনীয়া বিষয়সমূহ সমাধানৰ দাবীও উত্থাপন কৰা হৈছে।
গ্ৰাহকৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে?
ধৰ্মঘট কাৰ্যকৰী হ’লে বিশেষকৈ বেংকৰ শাখাভিত্তিক সেৱাত প্ৰভাৱ পৰিব পাৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহত ইয়াৰ প্ৰভাৱ অধিক দেখা পোৱাৰ সম্ভাৱনা আছে। সেয়ে গ্ৰাহকসকলে ধৰ্মঘটৰ নিৰ্ধাৰিত তাৰিখসমূহ মনত ৰখা উচিত। বিশেষকৈ— ১১ ছেপ্টেম্বৰৰ ধৰ্মঘটৰ পূৰ্বে জৰুৰী শাখা-ভিত্তিক কাম সম্পূৰ্ণ কৰি ৰখা ভাল। ২৮–৩০ ছেপ্টেম্বৰৰ টানা ধৰ্মঘটৰ সময়ত বেংক শাখালৈ যোৱাৰ পৰিকল্পনা নকৰাই সুবিধাজনক। জৰুৰী ডিজিটেল লেনদেনৰ বাবে UPI, মোবাইল বেংকিং বা ইণ্টাৰনেট বেংকিংৰ বিকল্প ব্যৱহাৰ কৰিব পাৰি, যদিও এই সেৱাসমূহৰ ক্ষেত্ৰত কোনো বিঘিনি ঘটিব নে নঘটে সেয়া নিশ্চিত নহয়। নগদ ধনৰ প্ৰয়োজন থাকিলে আগতীয়াকৈ ব্যৱস্থা কৰি ৰখা সুবিধাজনক। ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ঘোষণা কৰা হৈছে যদিও তাৰ আগতে দাবীসমূহৰ ওপৰত সমাধান বা নতুন সিদ্ধান্ত আহিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















