কেন্দ্ৰীয় চৰকাৰে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৮ম দৰমহা আয়োগ গঠন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। কেন্দ্ৰই ঘোষণা কৰে যে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱ এতিয়াও বিবেচনা কৰা নাই।
এক প্ৰশ্নৰ উত্তৰ দি সংসদত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে এইদৰে কয়। চৰকাৰক প্রশ্ন কৰা হৈছিল- ‘‘অষ্টম কেন্দ্রীয় দৰমহা আয়োগৰ সময়মতে সুনিশ্চিত কৰিবলৈ কেন্দ্রই এটা প্রস্তাৱ বিবেচনা কৰি আছেনে? ২০২৬ চনৰ ১ জানুৱাৰীত ইয়াক কার্যকৰী কৰিব পৰা যাব নে?’
এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত কয় যে কেন্দ্ৰই এতিয়াও ৮ম দৰমহা আয়োগ গঠন সন্দৰ্ভত কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই৷ট
লগতে পঢ়ক ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
ইফালে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহ এতিয়ালৈকে কাৰ্যকৰী নকৰাৰ কাৰণসমূহো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে৷ মন্ত্ৰী চৌধুৰীয়ে কয় যে সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা আৰু ভাট্টা পুনৰীক্ষণত অনুমোদন জনোৱাৰ সন্দৰ্ভতত কেন্দ্ৰীয় কেবিনেটে বিষয়টো এতিয়াও বিবেচনা কৰা নাই।
মন্ত্ৰীগৰাকীয়ে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ পৰিপ্ৰেক্ষিতত দৰমহা বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰি থকা অন্যান্য ব্যৱস্থাসমূহৰ ওপৰতহে আলোকপাত কৰে। মুদ্ৰাস্ফীতিৰ বাবে কৰ্মচাৰীৰ মজুৰিৰ প্ৰকৃত মূল্য হ্ৰাস পোৱাৰ ক্ষতিপূৰণ দিবলৈ ডিয়াৰনেছ এলাৱেন্স (ডিএ) প্ৰদান কৰা হয় বুলিও তেওঁ কয়।
লগতে পঢ়ক এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ অধীনত মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত ভিত্তি কৰি প্ৰতি ৬ মাহৰ মূৰে মূৰে ডি এৰ হাৰ সংশোধন কৰা হয়। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে সপ্তম চিপিচিৰ অধ্যক্ষই পেৰা ১.২২ত তেওঁৰ প্ৰতিবেদন আগবঢ়াই ১০ বছৰৰ দীঘলীয়া সময়লৈ অপেক্ষা নকৰাকৈ সময়ে সময়ে মেট্ৰিক্স পৰ্যালোচনা কৰিব পৰা যাব বুলি পৰামৰ্শ দিছে।
‘‘এইটো সঁচা নেকি যে ৭ চিপিচিয়ে চৰকাৰে ১০ বছৰৰ দীঘলীয়া সময়ৰ পাছত নতুনকৈ দৰমহা আয়োগ সৃষ্টি কৰাৰ পৰিৱৰ্তে প্ৰতি বছৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাট্টা আৰু পেঞ্চন পুনৰীক্ষণ কৰিব লাগে বুলি পৰামৰ্শ দিছে?’’ এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চৌধুৰীয়ে কয় যে এক্ৰয়ড সূত্ৰৰ ভিত্তিত ইয়াক পুনৰীক্ষণ কৰি সংশোধন কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ