এক হৃদয়স্পৰ্শী তথা কৰুণৰ লগতে জঘন্য ঘটনা পোহৰলৈ আহিছে৷ নিজৰ জন্মদিন উদযাপনৰ সময়তে কৰুণভাৱে এক যুৱতীৰ মৃত্যু ঘটাৰ ঘটনা পোহৰলৈ আহিছে৷
ঘটনাটো ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এজন যুৱকে নিজৰ প্ৰেমিকাক জন্মদিন উপলক্ষে ছাৰপ্ৰাইজ দিয়াৰ অজুহাতত হোটেললৈ লৈ যায়। হোটেলত প্ৰেমিকে প্ৰেমিকাক ড্ৰাগছৰ অভাৰড’জ দি ধৰ্ষণ কৰে। ইয়াৰ ফলত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু পিছত কৰুণভাৱে মৃত্যুক সাৱটি লয়।
ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। যোধপুৰ উপায়ুক্তৰ ডিচিপি (পূব) ডাঃ অমৃতা দুহানে জনোৱা মতে, যোৱা ৬ আগষ্টত মহাত্মা গান্ধী হাস্পতালৰ পৰা আৰক্ষীয়ে সন্দেহজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃত্যুৰ সম্পৰ্কীয় এক তথ্য লাভ কৰে।
লগতে পঢ়ক ‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ
ইয়াৰ পিছতে আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ মৃত যুৱতীগৰাকীৰ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে যে যোধপুৰৰ উদয় মন্দিৰ থানা এলেকাৰ ৰাজ ৰাঞ্চোদ মন্দিৰৰ বিপৰীতে অৱস্থিত এখন হোটেলত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। ইয়াৰ পিছতে তেওঁৰ সন্দেহজনক অৱস্থাত মৃত্যু হয়।
আৰক্ষী বিষয়া ডাঃ অমৃতা দুহানে প্ৰকাশ কৰা মতে, মৃত্যু হোৱা ২২ বছৰীয়া যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভগ্নীয়ে মহাত্মা গান্ধী হাস্পতালত ভৰ্তি কৰাইছিল। কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে। অত্যধিক ৰক্তক্ষৰণৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হয়।
তদন্তত জানিব পৰা গৈছে যে মৃত যুৱতীগৰাকীৰ পূৰ্বে এজন যুৱকৰ সৈতে এংগেজমেণ্ট হৈছিল যদিও অভিযুক্ত যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এই এংগেজমেণ্ট বাতিল কৰে।
লগতে পঢ়ক ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
যোৱা ৬ আগষ্টত যুৱতীগৰাকীৰ জন্মদিন আছিল। জন্মদিন উদযাপনৰ বাবে যুৱকজন জয়পুৰৰ পৰা যোধপুৰলৈ আহিছিল। যুৱকজনে যুৱতীগৰাকীক হোটেললৈ লৈ যায়। পূৰ্বেও তেওঁলোকে সেই হোটেলত বহুবাৰ কটাই যোৱা বুলি হোটেলৰ পক্ষই প্ৰকাশ কৰিছে৷ অভিযোগ অনুসৰি হোটেলতে যুৱকজনে যুৱতীগৰাকীক ড্ৰাগছৰ অভাৰড’জ প্ৰদান কৰি ধৰ্ষণ কৰে। ইয়াৰ ফলতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে।
যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটা দেখি যুৱকজনে যুৱতীগৰাকীৰ ভগ্নীক ফোন কৰি স্বাস্থ্য অৱনতি ঘটা বুলি কৈয়ে সেই স্থানৰ পৰা পলায়ন কৰে। কণিষ্ঠ ভগ্নীয়ে হোটেলত উপস্থিত হোৱাৰ সময়ত যুৱতীগৰাকীৰ অচেতন হৈ পৰি আছিল আৰু শৰীৰৰ পৰা ৰক্তক্ষৰণ হৈ আছিল। ভগ্নীয়ে ততাতৈয়াকৈ যুৱতীগৰাকীক প্ৰথমে পাওটা চেটেলাইট হাস্পতাললৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ইয়াৰ পিছতে যুৱতীগৰাকীক পুনৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। আনকি তাতো চিকিৎসকে চিকিৎসাৰ বাবে নাকচ কৰাৰ পাছতে মহাত্মা গান্ধী হাস্পতাললৈ লৈ যোৱা হৈছিল।
লগতে পঢ়ক এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ইফালে এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি হোটেলখনৰ ৰেকৰ্ড পৰীক্ষা কৰে। যুৱকজন হোটেললৈ অহা বুলি নিশ্চিত হোৱাৰ পিছতে আৰক্ষীয়ে ৰে’লৱে ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। চিচিটিভি ফুটেজত অভিযুক্ত যুৱকজনক জয়পুৰলৈ যোৱা ৰে’লত বহি থকা দেখা গৈছিল। চি আৰ পি এফৰ বিষয়াসকলক এই সন্দৰ্ভত অৱগত কৰা হয়। পিছত মকৰানা ৰে’লৱে ষ্টেচনত অভিযুক্ত যুৱকগৰাকীক আৰক্ষীয়ে কৰায়ত্ত কৰে। অভিযুক্তক জেৰা কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হয়।
ডি চি পি ডাঃ অমৃতা দুহানে জনোৱা মতে এফ এছ এলৰ দলটোক থিতাতে মাতি আনি প্ৰমাণ সংগ্ৰহ কৰা হৈছে। যুৱতীগৰাকীক কোনটো ড্ৰাগছ সেৱন কৰোৱা হৈছিল সেই সন্দৰ্ভত তথ্য এফ এছ এলৰ প্ৰতিবেদনৰ পিছত গম পোৱা যাব। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ