এজন ৰিক্সাচালকে হাতত উদ্যত পিষ্টল লৈ মহানগৰীৰ ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰিছে৷
অভিযুক্ত ৰিক্সা চালকজন অজয় কুমাৰ প্ৰসাদ বুলি জানিব পৰা গৈছে৷ অভিযোগ অনুসৰি দেওবাৰে নিশা অজয় কুমাৰ প্ৰসাদে হাতত পিষ্টল পল্টন বজাৰত পথাচাৰীক ভাবুকি প্ৰদান কৰি ফুৰিছিল৷
ৰিক্সাচালকজনে এই কাণ্ড সংঘটিত কৰি ফুৰাৰ খবৰ লাভ কৰিয়েই পল্টন বজাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অজয় কুমাৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ জাঁই সজীৱ গুলীসহ পিষ্টলটো জব্দ কৰে৷
লগতে পঢ়ক পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?
আৰক্ষীয়ে ৰিক্সা চালক অজয় কুমাৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰি পিষ্টলটো জব্দ কৰি ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে৷
বিহাৰৰ নিৱাসী ধৃত অজয় কুমাৰ প্ৰসাদে লকডাউনৰ সময়ত বিহাৰলৈ গুচি গৈছিল যদিও কিছুদিন পূৰ্বে অসমলৈ পুনৰ ওভতি আহি ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ