ভাৰতবাসীয়ে পুনৰবাৰ প্ৰমাণ কৰিলে তেওঁলোকৰ বিৰিয়ানিপ্ৰীতি। অনলাইন ফুড এপ ছুইগীত ২০২৩ বৰ্ষতো সৰ্বাধিক অৰ্ডাৰ কৰা খাদ্যৰ ভিতৰত শীৰ্ষত আছে বিৰিয়ানি। ইয়াৰ পূৰ্বৰ সাতটা বছৰত বিৰিয়ানিয়ে শীৰ্ষস্থান দখল কৰি আহিছে। ২০২৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহৰ ২৩ তাৰিখলৈ ছুইগীত অৰ্ডাৰ কৰা খাদ্যৰ তথ্য প্ৰকাশ পাইছে।
২০২৩ চনৰ পহিলা জানুৱাৰীৰ দিনটোতে ছুইগীত অৰ্ডাৰ কৰা হৈছিল ৪,৩০,০০০ বিৰিয়ানি। এই বৰ্ষত ভাৰতত প্ৰতি ছেকেণ্ডত ২.৫ টা বিৰিয়ানি অৰ্ডাৰ কৰা হৈছে। ইয়াৰে প্ৰতি ৫.৫ টা বিৰিয়ানিৰ মাজত অৰ্ডাৰ কৰা হৈছে এটাকৈ ভেজ বিৰিয়ানি। ইয়াৰ উপৰিও চলিত বৰ্ষত ছুইগীয়ে ২৪ লাখ ৯০ হাজাৰ নতুন গ্ৰাহক লাভ কৰা বুলিও তথ্যত প্ৰকাশ।
দেশত বিৰিয়ানি অৰ্ডাৰ কৰা চহৰৰ ভিতৰত হাইদৰাবাদ শীৰ্ষত আছে। হাইদৰাবাদৰ এগৰাকী ছুইগী ব্যৱহাৰকাৰীয়ে বছৰটোত সৰ্বমুঠ ১,৬৩৩ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰে। এদিনীয়া বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচৰ দিনা চণ্ডিগড়ৰ এটা পৰিয়ালে ৭০ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰে। মেচখনৰ দিনা ছুইগীয়ে প্ৰতি মিনিটত ২৫০ প্লেট বিৰিয়ানিৰ অৰ্ডাৰ লাভ কৰে।
ছুইগীত অৰ্ডাৰ কৰা অন্যান্য খাদ্যসমূহৰ ভিতৰত গুলাব জামুনে ফেৰ মাৰিছে ৰসগোল্লাক। দুৰ্গা পূজাৰ সময়ছোৱাত ছুইগীয়ে ৭৭ লাখ গুলাব জামুনৰ অৰ্ডাৰ লাভ কৰে। আনহাতে, নৱৰাত্ৰীৰ নটা দিনত নিৰামিষভোজী সকলে পচন্দ কৰে মচলা দোছা। ২০২৩ বৰ্ষত ৮৫ লাখ চকলেট কেক অৰ্ডাৰ কৰা বাংগালুৰুৱে লাভ কৰে ‘কেক কেপিটেল’ৰ খিতাপ। ভেলেণ্টাইন ডে’ৰ দিনা দেশজুৰি প্ৰতি মিনিটত ২৭১ টা কেক অৰ্ডাৰ কৰা হয়।
এদিনীয়া বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ দিনা ভাৰতত প্ৰতি মিনিটত ১৮৮ টা পিজ্জাৰ অৰ্ডাৰ আহে ছুইগীলৈ। চেন্নাই, দিল্লী আৰু হাইদৰাবাদৰ পৰা ২০২৩ ত ছুইগীলৈ সৰ্বাধিক অৰ্ডাৰ আহে। চহৰকেইখনৰ পৰা প্ৰায় ১০ হাজাৰকৈ অৰ্ডাৰ আহে ফুড ডেলিভাৰী এপটোলৈ। মুম্বাইৰ এগৰাকী লোকে ১ জানুৱাৰীৰ পৰা ২৩ নৱেম্বৰলৈ ছুইগীত মুঠ ৪২.৩ লাখ টকাৰ খাদ্য অৰ্ডাৰ কৰে।
ছুইগীৰ ‘ডেলিভাৰী বয়’ সকলেও যথেষ্ট কষ্টৰে খাদ্যসমূহ যথাস্থানত ডেলিভাৰী দিয়ে। চেন্নাইৰ ভেংকটেশনে ১০,৩৬০ টা, কোচিৰ সনথিনিয়ে ৬,২৫৩ টা, গুৰুগ্ৰামৰ ৰামজিৎ সিঙে ৯,৯২৫ টা অৰ্ডাৰ ডেলিভাৰী কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ