লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে FIR দাখিল কৰিছে বিজেপিয়ে৷ বৃহস্পতিবাৰে পুৱা সংসদ ভৱনত হোৱা হতাহতিত সোমাই পৰিছিল কংগ্ৰেছ আৰু বিজেপিৰ সাংসদ৷ অভিযোগ যে দুজন সাংসদ জখম হৈছিল বিৰোধী দলনেতা ৰাহুল গান্ধীৰ ধাক্কাত৷ স্বাভাৱিকভাৱেই প্ৰশ্ন উঠিছে, ৰাহুল গান্ধী গ্ৰেপ্তাৰ হ’ব নেকি? দোষী প্ৰমাণিত হ’লে কিমান বছৰৰ শাস্তি পাব ৰাহুলে? এইক্ষেত্ৰত কোৱা হৈছে যে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত উচ্চতৰ কৰ্তৃপক্ষৰ অনুমতিৰ প্ৰয়োজন৷
যদি এই অপৰাধ ৰাহুলে সঁচাকৈ কৰাৰ প্ৰমাণ পোৱা যায়ে তেতিয়া ৰাহুলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯(৫) ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব৷ সাধাৰণ আঘাতৰ ক্ষেত্ৰত ১১৫(২) আৰু গুৰুতৰ আঘাতৰ ক্ষেত্ৰত ১১৭(২)ধাৰা আৰোপ কৰা হয়৷ উভয়ক্ষেত্ৰতেই দোষী প্ৰমাণিত হ’লে সৰ্বোচ্চ ৭বছৰৰ কাৰাদণ্ড হ’ব পাৰে৷ বিজেপি সাংসদ অনুৰাগ ঠাকুৰে জনাইছে যে, ৰাহুলৰ বিৰুদ্ধে ১০৯, ১২৫, ১৩১ ও ১০৯ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰা হৈছে৷ ইয়াৰ মাজতেই ১০৯ ধাৰাটো হৈছে হত্যাৰ চেষ্টাৰ অভিযোগ৷
এই ধাৰাত সৰ্বোচ্চ শাস্তি হ’ব পাৰে ১০ বছৰৰ জে’ল৷ এদিন লোকসভাৰ স্পিকাৰ ওম বিৰালাক এখন চিঠি লিখিছে কংগ্ৰেছৰ জাতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ তাতেই অভিযোগ কৰিছে ৰাহুল গান্ধীক লোকসভাত সোমাবলৈ বাধা দিছিল বিজেপি সাংসদে৷ তেওঁক ধাক্কা দিয়া হয়৷ ইয়াৰ ফলত তেওঁ ভাৰসাম্য হেৰুৱাই পেলাই পৰি আঘাতপ্ৰাপ্ত হয়৷ এই ঘটনাক লৈ ৰাহুল গান্ধীৰ দাবী, ‘মই সংসদত সোমাব খোজোতেই বিজেপি সাংসদে ঘেৰি ধৰিছিল৷ মোক ধাক্কা দিছিল৷ ধাক্কাধাক্কি বুলিবলৈ সিমানেই হৈছে৷’ পাছত সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, ‘আৰম্ভণিৰে পৰাই তেওঁলোকৰ লক্ষ্য আছিল আদানি ইছ্যু উঠাবলৈ নিদিও৷ প্ৰথম কেইবাদিনো অধিবেশন চলিবলৈ নিদিলে৷ তেওঁলোকৰ মানসিকতা, গণতন্ত্ৰ, সংবিঘান, অম্বেদকাৰ বিৰোধী আৰু আজি সকলো অতিক্ৰম কৰি গ’ল৷ লাঠি হাতত লৈ আমাৰ শান্তিপূৰ্ণ বিক্ষোভৰ সন্মুখলৈ আহে৷ লক্ষ্য এওঁলোকৰ এটাই আদানীক বচাব লাগে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ