এগৰাকী বিজেপি বিধায়কৰ কন্যাই পিতৃৰ ক্ষমতাৰে বলিয়ান হৈ ট্ৰেফিক চিগনেল ভংগ কৰি আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা বাতৰিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে৷
কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়ক অৰবিন্দ নিম্বাৱালিৰ কন্যাই বেংগালুৰুৰ ৰাজপথত বিলাসী বাহন BMWৰে ট্ৰেফিক চিগনেল ভংগ কৰাৰ অভিযোগ উঠিছে৷
ঘটনাৰ বিৱৰণীৰ মতে বিধায়কগৰাকীৰ কন্যাৰ বিলাসী BMW বাহনখনে ট্ৰেফিক চিগনেল অৰ্থাৎ ৰঙা লাইট উপেক্ষা কৰি পাৰ হৈ যায়৷
লগতে পঢ়ক হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি
কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীয়ে লগে লগে বাহনখন অনুসৰণ কৰি উক্ত বিলাসী বাহনখন ৰখায়৷ আৰক্ষীয়ে বাহনখন ৰখোৱাৰ লগে লগে বিধায়কৰ কন্যাগৰাকীয়ে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷
উক্ত স্থানত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো যুৱতীগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰা বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক ১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?
ইফালে আৰক্ষীয়ে ট্ৰেফিক চিগনেল ভংগ কৰাৰ অপৰাধত যুৱতীগৰাকীৰ পৰা জৰিমনা আদায় ল’বলৈ লওঁতে নিজকে বিধায়কৰ কন্যা বুলি পৰিচয় দি জৰিমনা ভৰিবলৈ অস্বীকাৰ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰে৷
অৱশ্যে আৰক্ষীয়ে বিধায়ক কন্যাৰ ভাবুকিলৈ ভ্ৰূক্ষেপ নকৰি জৰিমনা আদায় কৰে৷ আনহাতে যুৱতীগৰাকীৰ এই উদ্ভণ্ডালিৰ বাবেই মহানগৰখনৰ ব্যস্ত এলেকাটোত তীব্ৰ যান-জঁটৰো সৃষ্টি হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ