নগাঁও ভুৱা এনকাউণ্টাৰৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আনন্দ মিশ্ৰক বদলি কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
একাংশই আনন্দ মিশ্ৰৰ পাখি কাটি বদলি কৰাৰ বুলি সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে আন একাংশই আনন্দ মিশ্ৰৰ বদলতি অসন্তুষ্টি প্ৰকাশ কৰিছে৷ ইফালে অন্য একাংশই আনন্দ মিশ্ৰক নিলম্বন নকৰাৰ বাবেহে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে৷
ইয়াৰ মাজতে আনন্দ মিশ্ৰৰ সমৰ্থনত নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰিছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই৷ বিধায়ক শইকীয়াই টুইট কৰি অসমীয়া মানুহে মিঞাৰ দাদাগিৰি সহ্য কৰিব পাৰে, কিন্তু পুলিচগিৰি সহ্য কৰিব নোৱাৰে বুলি এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে৷
আনন্দ মিশ্ৰৰ সপক্ষে দুটাকৈ টুইট কৰি বিধায়ক শইকীয়াই লগতে কয় যে এটা ভুলৰ বাবে এজন আৰক্ষী বিষয়াক নিন্দা কৰাটো উচিত হোৱা নাই৷ নগাঁৱক ড্ৰাগছমুক্ত কৰা বুলি আনন্দ মিশ্ৰক প্ৰশংসা কৰি আৰু এটা বছৰৰ নগাঁৱত তেওঁ আৰক্ষী অধীক্ষক হৈ থকাটো প্ৰয়োজন বুলি উল্লেখ কৰিছে বিধায়ক মৃণাল শইকীয়াই৷
‘‘কি যে দুৰ্ভাগ্য…! অসমৰ মানুহে মিঞাৰ দাদাগিৰি সহ্য কৰিব পাৰে, কিন্তু সামান্য পুলিচগিৰি সহ্য কৰিব নোৱাৰে৷ ধিং, মৰিগাঁও, বৰপেটা, ধুবুৰী আদিৰ ভিতৰৰ অঞ্চললৈ গৈ চাওক, তেতিয়াহে অসমৰ পৰিস্থিতি অনুভৱ কৰিব পাৰিব৷’’ বিধায়ক মৃণাল শইকীয়াই এটা টুইটত এইদৰে কয়৷
বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এই বিতৰ্কিত টুইটৰ পিছতে বিষয়টো সংবাদ মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে৷
ইফালে আনন্দ মিশ্ৰৰ বদলিত গুলীবিদ্ধ কীৰ্তিকমল বৰাৰ লগতে তেওঁৰ পৰিয়ালেও আনন্দ প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ