অসম লাইভ২৪ঃ কৰ্ণাটকক লৈ এতিয়া বিজেপি দলৰ চিন্তা কৰিবলৈ সময় নাই। এই পৰাজয়ৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দকেই দোষাৰোপ কৰিছে। বিজেপিৰ কৰ্মকৰ্তাৰ এতিয়া অন্য এক বিষয়ক লৈহে চিন্তা বাঢ়িছে। আগন্তুক ৩০ মে’ত মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি। এই বৰ্ষপূৰ্তী উপলক্ষে ‘বিগত বছৰ কেইটাত মোদী চৰকাৰৰ সাফল্য’ ৰ প্ৰচাৰৰ বাবে সমগ্ৰ দেশতই প্ৰচাৰসভা অনুষ্ঠিত হ’ব। ৩০ জুন পৰ্যন্ত এমাহ ধৰি চলিব প্ৰচাৰ সভাসমূহ। নিৰবচ্ছিন্নভাৱে বুথ পৰ্যায়ৰ পৰা মন্ত্ৰীলৈকে প্ৰায়সকলেই এই প্ৰচাৰত অংশ ল’ব।
দেশজুৰি অনুষ্ঠিত হ’বলগীয়া ৩৯৬খন লোকসভা সমষ্টিত জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতা আৰু ৰাজ্যিক নেতাসকলে। মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তী উপলক্ষে ৩০ মে’ত প্ৰধানমন্ত্ৰী মোদীয়েই এই প্ৰচাৰসভাৰ শুভাৰম্ভ কৰিব। সেইদিনাই এক বিশাল সমাবেশতো যোগ দিব মোদীয়ে। ৩১ তাৰিখেও মোদীয়ে ভাগ ল’ব বিশেষ কাৰ্যসূচীত। বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তীৰ প্ৰধান লক্ষ্য হিচাপে বিজেপি চৰকাৰে আগন্তুক ৫ ৰাজ্যৰ নিৰ্বাচনকেই টাৰ্গেট কৰি লৈছে। নৱেম্বৰ-ডিচেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৰাজস্থান, ছত্তিছগড়, মধ্যপ্ৰদেশ, তেলেংগানা আৰু মিজোৰামত। এই ৰাজ্যকেইখনৰ মধ্যপ্ৰদেশত বিজেপি চৰকাৰ থকাৰ বিপৰীতে ছত্তিছগড় আৰু ৰাজস্থানত আছে প্রধান বিৰোধী কংগ্ৰেছৰ চৰকাৰ। ২০১৯ৰ লোকসভা নিৰ্বাচনত শাসনৰ ভাৰ কান্ধত লোৱা বিআৰএছো বিজেপিৰ অন্যতম প্ৰধান বিৰোধী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ