অসম লাইভ ২৪ঃ দিছপুৰত নিজৰ দলৰ চৰকাৰ থকাৰ সুবাদত ক্ষমতাই মূৰত ধৰিছে একাংশ বিজেপি কৰ্মীৰ । গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি নগাঁৱত এগৰাকী অধ্যাপকক প্ৰহাৰ বিজেপি কৰ্মীৰ। নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অজিত ভৰালীক হেলমেটেৰে মূৰত আঘাত কৰে বিজেপি কৰ্মীৰ লেবেল লগোৱা মৃদুল দাসে। অভিযোগ অনুসৰি, সপত্নীক মৃদুল দাসে প্ৰবক্তা ড° ভৰালীৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈ থকাৰ মাজতেই হাতত থকা হেলমেট এটাৰে প্ৰবক্তা গৰাকীৰ মূৰত প্ৰচণ্ড জোৰত আঘাত কৰে। তদুপৰি মৃদুল দাসৰ পত্নী বিজেপিৰ ৱাৰ্ড মেম্বাৰ মণিকা ৰাজখোৱা দাসে অধ্যাপকগৰাকীক অশ্লীল গালি গালাজ কৰাৰ উপৰি তেওঁৰ জীয়ৰীকো মাৰপিট কৰে। পাছত স্থানীয় একাংশ লোকে আঘাতপ্ৰাপ্ত প্ৰবক্তাগৰাকী আৰু তেওঁৰ জীয়ৰীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। নগাঁৱৰ শেন চোৱাত সংঘটিত হয় এই ঘটনা। ৰাস্তাত গাড়ী ঘূৰুৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত দুয়ো পক্ষই হয়বৰগাঁও থানাত গোচৰ তৰিছে। কিন্তু ঘটনাৰ পাছৰে পৰা আত্মগোপন কৰিছে মৃদুল দাসে। বিজেপিৰ ৱাৰ্ড মেম্বাৰ আৰু তেওঁৰ স্বামীৰ উদ্ভণ্ডালিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত। উল্লেখযোগ্য যে আক্ৰমণকাৰী মৃদুল দাস পৌৰসভাৰ এগৰাকী প্ৰাক্তন মহলা আয়ুক্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ