শিয়ৰি উঠিব গাৰ নোম, মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্টৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা
মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্ট ক্ৰীষ্টিনা জক্সিমোভিচক স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰে। অভিযুক্তই ইমানেই উগ্ৰ আছিল যে প্ৰথমে মৃতদেহটো টুকুৰা টুকুৰ কৰি কাটি তাৰ পিছত সেই টুকুৰাবোৰ ব্লেণ্ডাৰত ভৰাই পিউৰিৰ দৰে কৰি তুলিছিল। এই ভয়ানক হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্ত স্বামীয়ে এতিয়া দাবী কৰিছে যে তেওঁ আত্মৰক্ষাৰ বাবে পত্নীক তেনেদৰে হত্যা কৰিছিল।
চুইজাৰলেণ্ডৰ মডেল ক্ৰীষ্টিনা জক্সিমোভিচৰ স্বামী থমাছে আত্মৰক্ষাৰ বাবে এই হত্যাৰ কথা স্বীকাৰ কৰিছে। চুইজাৰলেণ্ডৰ কৰ্তৃপক্ষৰ মতে, ক্ৰীষ্টিনাৰ মৃতদেহ ব্লেণ্ডাৰত পিউৰি কৰিছিল তেওঁৰ স্বামী থমাছে।
২০১৭ চনত থমাছে ক্ৰীষ্টিনা জক্সিমোভিচৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানো আছে। মৰণোত্তৰ পৰীক্ষাৰ তথ্য অনুসৰি, তেওঁলোকৰ কাপোৰ ধোৱা কোঠাত কটাৰী আৰু বাগিচাৰ ছিয়াৰ উদ্ধাৰ হৈছে , যি ব্যৱহাৰ কৰি ক্ৰীষ্টিনাৰ মৃতদেহটো কাটি পেলোৱা হৈছিল।
তাৰ পিছত ক্ৰীষ্টিনাৰ অৱশিষ্টখিনি হেণ্ড ব্লেণ্ডাৰেৰে ‘পিউৰি’ কৰি ৰাসায়নিক দ্ৰৱত দ্ৰৱীভূত কৰিছিল বুলি স্থানীয় সংবাদমাধ্যমত প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিজৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৩৮ বছৰীয়া ক্ৰীষ্টিনাক। স্বামী থমাছে আত্মৰক্ষাৰ বাবে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।
ক্ৰীষ্টিনাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঠিক পিছদিনা অভিযুক্ত থমাছক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তৰ সময়ত এই গোচৰৰ অভিযুক্তজন মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সুনিৰ্দিষ্ট ইংগিত পোৱা গৈছে।
উল্লেখ্য যে ২০০৭ চনৰ মিছ ছুইজাৰলেণ্ড প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী আছিল ক্ৰীষ্টিনা জক্সিমোভিচ আৰু ইয়াৰ পূৰ্বে তেওঁক মিছ নৰ্থৱেষ্ট ছুইজাৰলেণ্ডৰ মুকুট পিন্ধিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ