অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ পাছত মুম্বাইৰ আৰু এজন অভিনেতাই আত্মহত্যাৰ পথ বাচি ল’লে। বহু জনপ্ৰিয় টিভি চিৰিয়েলত অভিনয় কৰা অভিনেতা সমীৰ শর্মাৰ মৃতদেহ নিজ বাসগৃহত ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছে। ‘ইয়ে ৰিস্তা হ্যেয় প্যাৰ কী’, ‘কিউ কী চাচ ভী কভি বহু থী’, ‘কাহানি ঘৰ ঘৰ কী’ৰ দৰে জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰিছিল সমীৰ শর্মাই। দুদিন পূর্বে সমীৰ শর্মাই আত্মহত্যা কৰিছে বুলি ধাৰণা কৰা হৈছে। কিন্তু কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। সমীৰ শর্মা ঘৰ মুম্বাইৰ মালাদেত। পত্নীয়ে ফোনত নাপাই সন্দেহ কৰি সমীৰৰ বাসগৃহলৈ গৈ সমীৰক ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে সমীৰ শর্মাৰ মৃতদেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ