ভাৰতত লিভ-ইন ৰিলেশ্যনক লৈ বহু লোকৰ মাজত এতিয়াও এক ভুল ধাৰণা আছে। বহুতে ভাবে যে বিবাহৰ পঞ্জীয়ন বা আনুষ্ঠানিক বিবাহ নোহোৱালৈকে এগৰাকী মহিলাৰ কোনো আইনী অধিকাৰ নাথাকে। কিন্তু বাস্তৱত কথাটো তেনে নহয়। কিছুমান বিশেষ পৰিস্থিতিত লিভ-ইন ৰিলেশ্যনত থকা মহিলাই ভাৰতীয় আইনৰ অধীনত বিভিন্ন ধৰণৰ সুৰক্ষা আৰু আইনী সকাহ লাভ কৰিব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে সকলো লিভ-ইন ৰিলেশ্যনক বিবাহৰ সমান মৰ্যাদা দিয়া হয়। আদালতে সম্পৰ্কটোৰ প্ৰকৃতি, সময়সীমা আৰু দুয়োগৰাকী সংগীৰ আচৰণকে ধৰি বিভিন্ন দিশ বিবেচনা কৰি সিদ্ধান্ত লয়।
উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰত স্পষ্ট কৰিছে যে কেৱল একেলগে বাস কৰিলেই কোনো সম্পৰ্কক ‘বিবাহৰ প্ৰকৃতিৰ সম্পৰ্ক’ বুলি গণ্য কৰিব নোৱাৰি। সম্পৰ্কটো দীৰ্ঘদিনীয়া নে অস্থায়ী, দুয়োজনে একেলগে সংসাৰ চলাইছিল নে নাই, সামাজিকভাৱে স্বামী-স্ত্ৰীৰ দৰে পৰিচয় দিছিল নে নাই আদি বিষয় গুৰুত্বপূৰ্ণ হ’ব পাৰে।
আদালতে সাধাৰণতে এই দিশসমূহ বিবেচনা কৰিব পাৰে—
সম্পৰ্কটো কিমান দিন চলিছিল?
দুয়োৰে সন্তান আছে নে নাই?
দুয়োজনে একেলগে বাস কৰিছিল নে নাই?
ঘৰুৱা আৰু আৰ্থিক দায়িত্ব কেনেকৈ ভাগ কৰিছিল?
দুয়োজনে আৰ্থিক সম্পদ ভাগ-বতৰা কৰিছিল নে নাই?
সমাজৰ আগত স্বামী-স্ত্ৰীৰ দৰে জীৱন কটাইছিল নে নাই?
ঘৰুৱা হিংসাৰ পৰা পাব পাৰে আইনী সুৰক্ষা
লিভ-ইন ৰিলেশ্যনত থকা মহিলাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আইনী সুৰক্ষাৰ ভিতৰত অন্যতম হৈছে ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা। ‘ঘৰুৱা হিংসাৰ পৰা মহিলাক সুৰক্ষা আইন, ২০০৫’ত ‘বিবাহৰ প্ৰকৃতিৰ সম্পৰ্ক’কো ঘৰুৱা সম্পৰ্কৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে যোগ্য ক্ষেত্ৰত লিভ-ইন ৰিলেশ্যনত থকা এগৰাকী মহিলাই কেৱল শাৰীৰিক হিংসাৰ বিৰুদ্ধেই নহয়, মানসিক, মৌখিক, যৌ*ন আৰু আৰ্থিক নিৰ্যাতনৰ বিৰুদ্ধেও আইনী সুৰক্ষা বিচাৰিব পাৰে। আদালতে পৰিস্থিতি অনুসৰি সুৰক্ষা আদেশ, বাসস্থানৰ অধিকাৰ, আৰ্থিক সকাহ, শিশুৰ তত্ত্বাৱধান আৰু ক্ষতিপূৰণৰ দৰে ব্যৱস্থাও কৰিব পাৰে।
মহিলাক ইচ্ছামতে উচ্ছেদ কৰিব পাৰিবনে?
এই বিষয়টোও যথেষ্ট গুৰুত্বপূৰ্ণ। যদি কোনো সম্পৰ্কক আইনৰ দৃষ্টিত ‘বিবাহৰ প্ৰকৃতিৰ সম্পৰ্ক’ হিচাপে গণ্য কৰা হয়, তেন্তে মহিলাগৰাকীৰ ভাগ কৰা ঘৰত বাস কৰাৰ অধিকাৰ থাকিব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে লিভ-ইন ৰিলেশ্যনৰ সংগীৰ প্ৰতিটো সম্পত্তিৰ ওপৰত মহিলাগৰাকীৰ মালিকীস্বত্ব সৃষ্টি হয়। ঘৰৰ মালিক কোন, ঘৰটো কেনেধৰণৰ আৰু গোচৰৰ প্ৰকৃত পৰিস্থিতি কি—এই সকলোবোৰ আদালতে বিবেচনা কৰিব পাৰে।
আৰ্থিক সকাহ বা ক্ষতিপূৰণৰ সুযোগ
দীৰ্ঘদিনীয়া আৰু বিবাহৰ সৈতে মিল থকা লাইভ-ইন সম্পৰ্ক ভাঙি যোৱাৰ পিছত কিছুমান পৰিস্থিতিত মহিলাই আৰ্থিক সকাহ বিচাৰিব পাৰে। ঘৰুৱা হিংসা আইন, ২০০৫ৰ অধীনত আৰ্থিক ক্ষতি, চিকিৎসা ব্যয়, উপাৰ্জনৰ ক্ষতি বা আন প্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত আদালতে উপযুক্ত আৰ্থিক সকাহৰ নিৰ্দেশ দিব পাৰে। কিন্তু এই অধিকাৰ স্বয়ংক্ৰিয় নহয়। গোচৰৰ তথ্য আৰু সম্পৰ্কটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আদালতে সিদ্ধান্ত লয়।
লাইভ-ইন ৰিলেচনৰ পৰা জন্ম হোৱা সন্তানৰ অধিকাৰ
পিতৃ-মাতৃৰ আনুষ্ঠানিক বিবাহ হোৱা নাই বুলি শিশুৰ অধিকাৰ নোহোৱা নহয়। লাইভ-ইন সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তানৰ ভৰণ-পোষণ, তত্ত্বাৱধান আৰু কল্যাণৰ বিষয় আদালতে পৃথকভাৱে বিবেচনা কৰিব পাৰে। প্ৰয়োজন অনুসৰি শিশুৰ ভৰণ-পোষণ আৰু তত্ত্বাৱধানৰ বাবে আদালতে নিৰ্দেশ জাৰি কৰিব পাৰে। শিশুৰ স্বাৰ্থক এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়।
সংগীৰ সম্পত্তিত স্বয়ংক্ৰিয় উত্তৰাধিকাৰ নাথাকে
ইয়াত এটা কথা বিশেষভাৱে মনত ৰখা প্ৰয়োজন। লিভ-ইন ৰিলেশ্যনত থাকিলেই এগৰাকী মহিলা সংগীৰ সম্পত্তিৰ স্বয়ংক্ৰিয় উত্তৰাধিকাৰী বা আধা মালিক হৈ নাযায়। বিবাহিত স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য কিছুমান সম্পত্তি আৰু উত্তৰাধিকাৰৰ অধিকাৰ কেৱল লিভ-ইন সম্পৰ্কৰ ভিত্তিত লাভ কৰিব নোৱাৰি। অৱশ্যে মহিলাগৰাকীৰ নিজৰ নামত থকা সম্পত্তি, যৌথ মালিকীস্বত্ব, নিজৰ আৰ্থিক বৰঙণি, ষ্ট্ৰিধন বা আন স্বতন্ত্ৰ আইনী দাবীৰ ক্ষেত্ৰত পৃথক অধিকাৰ থাকিব পাৰে।
মূল কথা কি?
লিভ-ইন ৰিলেশ্যন মানেই মহিলাৰ কোনো আইনী অধিকাৰ নাই—এই ধাৰণা ভুল। কিন্তু একে সময়তে প্ৰতিটো লিভ-ইন সম্পৰ্কক বিবাহৰ সমান বুলি ধৰা হয় বুলিও ক’ব নোৱাৰি। সম্পৰ্কটো কিমান দিনীয়া, দুয়োজনে কেনেদৰে সংসাৰ চলাইছিল, আৰ্থিক আৰু ঘৰুৱা দায়িত্ব কেনেকৈ ভাগ কৰিছিল আৰু সমাজৰ আগত কেনেদৰে জীৱন কটাইছিল—এই সকলোবোৰ বিষয়ৰ ওপৰত আইনী অধিকাৰ বহু পৰিমাণে নিৰ্ভৰ কৰিব পাৰে। সেয়ে কোনো নিৰ্দিষ্ট গোচৰত আইনী অধিকাৰ জানিবলৈ ঘটনাৰ সকলো তথ্য বিবেচনা কৰি আইনী পৰামৰ্শ লোৱাটো অধিক নিৰাপদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















