১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে
১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুঁদ্ধৰ সময়। সকলোফালে হাহাকাৰ, সকলোফালে সাধাৰণ জনতাই ভয়ত কেৱল ওপৰত বহি থকা জনক প্ৰাৰ্থনা জনাইচে ভাৰতীয় সেনাৰ বিজয়ৰ বাবে, নিজৰ জীৱনৰ বাবে। সেই হেন হাহাকাৰময় পৰিস্থিতিত মুকলিলৈ ওলাই আহিছিল ৩০০ মহিলা।
যি মহিলাই পাকিস্তানৰ পৰা আহি থকা বোম-বাৰুদক ভয় নকৰি বিশেষভাৱে সহায় কৰিছিল ভাৰতীয় সেনাক। সেই ৩০০ নাৰীৰ বীৰত্বৰ কথা কৈ শেষ কৰিব নোৱাৰি। গাঁৱৰ ভিতৰৰ পৰা ওলাই আহিছিল কেৱল ভাৰতীয় সেনাক সহয় কৰাৰ উদ্দেশ্যে। যাৰ সাহসিকতাৰ কাহিনীৰ ওপৰত নিৰ্মাণ হৈছে ভাৰতীয় চবিয়ো।
এয়া ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়। গুজৰাটৰ ভূজৰ মাধাপাৰ গাঁৱৰ ৩০০ গৰাকী মহিলাৰ কাহিনী । ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত অসামৰিক বীৰত্বৰ এক উল্লেখযোগ্য ঘটনা।
১৯৭১ চনৰ ৮ ডিচেম্বৰত পাকিস্তান বায়ুসেনাই ভূজ বিমানঘাটিত বিমান আক্ৰমণ চলাই প্ৰায় ৬৪টা বোমা নিক্ষেপ কৰে, যাৰ ফলত একাধিক স্থানত ৰাণৱেৰ যথেষ্ট ক্ষতিসাধন হয়। ৰাণৱে অক্ষম হোৱাৰ বাবে ভাৰতীয় যুঁজাৰু বিমানে উৰণ বা অৱতৰণ কৰিব নোৱাৰে, যাৰ ফলত যুদ্ধৰ এক গুৰুত্বপূৰ্ণ সময়ত প্ৰতিৰক্ষা অভিযানৰ বাবে এক বৃহৎ বিপদৰ সৃষ্টি হয়।
দেশপ্ৰেম আৰু সাহসৰ এক অসাধাৰণ কাৰ্য্যত এই ৩০০ গৰাকী স্থানীয় মহিলাই, বেছিভাগেই কুচ অঞ্চলৰ ৰাবাৰী সম্প্ৰদায়ৰ, ওলাই আহি বিধ্বস্ত ৰানৱে তথা বিমানপথটো পুনৰ নিৰ্মাণত সহায় কৰে।
ভাৰতীয় বায়ুসেনাৰ নিৰ্দেশনাত আৰু অধিক বোমা বিস্ফোৰণৰ আশংকা থকাৰ বাবে সেই ৩০০ মহিলাই প্ৰায় ৭২ ঘণ্টা ধৰি অক্লান্তভাৱে কাম কৰি, প্ৰায়ে আন্ধাৰৰ আৱৰণত আৰু নূন্যতম সুৰক্ষাৰে, ৰাণৱে মেৰামতি কৰে, যাতে ভাৰতীয় বায়ু সেনাই পুনৰ যুঁজ কৰিব পাৰে।
তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই ৰাণৱেটো পুনৰ কাৰ্যক্ষম হৈ উঠে। এই ৩০০ মহিলাৰ অৱদানে যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকৰ শক্তি আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰাই নহয়, ভাৰতৰ যুদ্ধ প্ৰচেষ্টাতো যথেষ্ট সহায় কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে পুনৰ মহাশক্তিৰে যুঁজত নামি পৰিছিল ভাৰতীয় সেনা।
এই বীৰত্বপূৰ্ণ কাৰ্য্য তেতিয়াৰ পৰাই ভাৰতৰ যুদ্ধকালীন লোককথাৰ অংশ হৈ পৰে। শেহতীয়া বছৰবোৰত এই বীৰত্বৰ কাহিনী কিতাপত, সংবাদ মাধ্যমৰ বাতৰিত স্মৰণ কৰা হৈছে, আনকি ২০২১ চনত অজয়দেৱগনে অভিনয় কৰা বলীউডৰ ছবি ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়াতো প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















