দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰীতি-নীতিৰে বিবাহসম্পন্ন কৰা হয়। কিছুমান বিয়াৰ ৰীতি-নীতি ইমানেই আশ্বৰ্যকৰ যে আমি দেখি বা জানিও সেয়া বিশ্বাস কৰিবলৈ টান পাওঁ। আজি আমি এনে এটা আচৰিত বিবাহ প্ৰথাৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷
আমি ক’বলৈ বিচৰা বিবাহ প্ৰথাটো ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ কিন্নৌৰ জিলাত কইনাই দৰাৰ ভাতৃসকলৰ লগতো বিবাহপাশত আৱদ্ধ হ’ব লাগে।
মহাভাৰতৰ সময়ত শীতকালত পাণ্ডৱসকলে নিজৰ পত্নী দ্ৰৌপদী আৰু মাতৃ কুন্তীৰ সৈতে কিছু সময় নিৰ্বাসন কৰি কিন্নৌৰ জিলাৰ এটা গুহাত দিন অতিবাহিত কৰিছিল বুলি বিশ্বাস কৰা হয়। এই কাৰণেই ইয়াৰ জনসাধাৰণে এই প্ৰথা গ্ৰহণ কৰিলে বুলি কোৱা হয়। এই প্ৰথাক স্থানীয় ভাষাত ‘ঘোতুল’ বুলি কোৱা হয়।
লগতে পঢ়ক জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা
ঘোতুল প্ৰথাৰ বাবেই ইয়াত থকা মহিলাসকলে দৰা আৰু তেওঁৰ ভাতৃসকলৰ লগত বিবাহপাশত আৱদ্ধ হ’ব লাগে। আটাইতকৈ আচৰিত কথাটো হ’ল সকলো মানুহ একেখন ঘৰৰ চালিৰ তলত থাকে। সকলো ভাতৃয়ে একেজনী মহিলাৰ সৈতে বিবাহিত জীৱন কটায়।
একে সময়তে বিয়াৰ পিছত যদি মহিলাগৰাকীৰ কোনো স্বামীৰ মৃত্যু হয়, তেন্তে তেওঁক শোক কৰিবলৈ দিয়া নহয়। এতিয়া আপুনি নিশ্চয় ভাবিছে যে সকলো স্বামীয়ে মহিলাগৰাকীৰ লগত একেলগে থাকে নে পৃথকে পৃথকে থাকে?
লগতে পঢ়ক জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?
বিয়াৰ পিছত যেতিয়া কোনো ভাতৃয়ে পত্নীৰ সৈতে কোঠাটোত উপস্থিত থাকে, তেতিয়া দুৱাৰখন বন্ধ কৰি এটা টুপী ওলোমাই ৰখা হয়। টুপীটো ওলোমাই ৰাখিলে আনসকল ভাতৃ বুজিব পাৰে যে ভিতৰত কোনো এক ভাতৃয়ে স্ত্ৰীৰ সৈতে অন্তৰংগ সময় অতিবাহিত কৰিছে আৰু কোঠাটোত প্ৰৱেশ নকৰে৷
পৰম্পৰা অনুসৰি একেজনী কইনাক বিয়া কৰাবলৈ সকলো ভাতৃয়ে দৰা হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকে। তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী হৈছে মহিলাগৰাকী। মহিলাগৰাকীক ‘গয়নে’ আৰু ডাঙৰজন স্বামীৰক ‘গোৰিয়াছ’ বুলি কোৱা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ