আনন্দৰ পৰিবেশ মুহূৰ্তৰ ভিতৰতেই শোকলৈ পৰিণত হ’ল৷ বিবাহৰ অনুষ্ঠানৰ আৰম্ভণি হৈছিল হালধি ঘঁহা অনুষ্ঠানেৰে৷ কন্যাৰ বিশেষ দিনটোক ভাল কৰিবৰ বাবে পৰিয়ালে যথোপুৰুষাৰ্থও কৰিছিল৷ কিন্তু কন্যাক আৰু স্বামীৰ ঘৰলৈ বিদায় দিয়া নহ’ল৷ স্বামী ঘৰলৈ যোৱাৰ পৰিবৰ্তে শ্মশানলৈহে গ’ল কইনাৰ৷ শৱদেহ কঢ়িওৱা বাহনত কন্যাক উঠাই শেষ বিদায় জনাব লগা হ’ল আত্মীয় স্বজনে৷
বিবাহৰ অনুষ্ঠানৰ মাজতেই হাৰ্ট এটেকত জীৱন হেৰুৱালে পাত্ৰীয়ে৷ এই মৰ্মান্তিক ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ বদায়ুনৰ ইছলামানগৰ এলেকাত৷ সোমবাৰে আছিল বিবাহৰ দিন৷ দেওবাৰে গাত মাহ হালধি ঘঁহাৰ অনুষ্ঠান৷ আৰু সেই অনুষ্ঠানৰ পাছতেই মৃত্যুৰ কোলাত ঢলি পৰিল ২২ বছৰীয়া দীক্ষা সিং৷ আৰক্ষী আৰু পৰিয়ালৰ সূত্ৰৰ খবৰ অনুসৰি দেওবাৰে নিশা গাত হালধি লগোৱা অনুষ্ঠানৰ পাছতেই পৰিয়ালৰ সকলোৰে সৈতে আনন্দেৰে নৃত্য কৰি আছিল দীক্ষাই৷ তাৰপাছতেই হাৰ্ট এটেক হয় দীক্ষাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















