এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক
আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন। কাইলৈ ১ ফেব্ৰুৱাৰীতাৰিখেবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত বাজেট দাখিল কৰিব। সংসদৰ বাজেট অধিৱেশন দুটা ভাগত অনুষ্ঠিত হ’ব৷ এই অধিবেশনত ১৬খন বিধেয়ক উত্থাপন কৰাৰ জল্পনা-কল্পনা চলিছে।
এইবাৰৰ এইখন বাজেট মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন সম্পূৰ্ণ বাজেট। যোৱা ২টা কাৰ্যকালৰ তুলনাত এইবাৰ বিজেপিৰ লোকসভাত ২৪০ খনতকৈও কম আসন। এনে পৰিস্থিতিত কোনো বিল পাছ হবলৈ কিছু সমস্যাৰ সন্মুখিন হব মোদী চৰকাৰ। লতে বিৰোধীয়েও মোডী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কোনো সুবিধা এৰি নিদিব।
খবৰ অনুসৰি, এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত চৰকাৰে ১৬খন বিধেয়ক উত্থাপন কৰিব পাৰে। ইয়াৰ ভিতৰত আছে বিত্ত বিধেয়ক ২০২৫, ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়ক, বেংকিং নিয়ন্ত্ৰণ আইন, ভাৰতীয় ৰে’লৱে আৰু ৰে’লৱে ব’ৰ্ডৰ একত্ৰীকৰণ আইন, অভিবাসন আৰু বিদেশী বিধেয়ক ২০২৫ ইত্যাদি।
কি কি ১৬ খন বিল তথা বিধেয়ক-
বেংকিং আইন (সংশোধনী) বিল, ২০২৪
ৰে’লৱে (সংশোধনী) বিধেয়ক, ২০২৪
দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪
তেল খণ্ড (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী বিধেয়ক, ২০২৪
বয়লাৰ বিল, ২০২৪
গোৱা ৰাজ্যৰ বিধানসভা সমষ্টিত অনুসূচিত জনজাতিসমূহৰ প্ৰতিনিধিত্বৰ পুনৰ সামঞ্জস্য বিধেয়ক, ২০২৪
ৱাকফ (সংশোধনী) বিল, ২০২৪
মুছলিম ৱাকফ (বাতিল) বিল, ২০২৪
বিল অৱ লেডিং বিল, ২০২৪
সামুদ্ৰিক মাল পৰিবহণ বিধেয়ক, ২০২৪
উপকূলীয় জাহাজ বিল, ২০২৪
মাৰ্চেণ্ট শ্বিপিং বিল, ২০০৪
বিত্ত বিধেয়ক, ২০২৫
বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিল, ২০২৫
ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫
ইমিগ্ৰেচন আৰু বিদেশী বিল, ২০২৫
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ