জ্যোতিষমতে বুধ হৈছে বিদ্যা, বুদ্ধি আৰু শিক্ষাৰ গ্ৰহ৷ অন্যহাতে শনি হৈছে কৰ্ম আৰু সুবিচাৰৰ গ্ৰহ৷ ১০ জুনৰ পুৱা ১১ বাজি ৬ মিনিটৰ পৰা বুধ আৰু শনিয়ে পৰস্পৰৰ সৈতে ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব আৰু এই দুই গ্ৰহৰ বিশেষ অৱস্থানৰ ফলত গঠিত হ’ব কেন্দ্ৰ দৃষ্টি যোগ৷ পৰবৰ্তী ২-১ সপ্তাহ এই যোগ কাৰ্যকৰী হৈ থাকিব৷ ঠিক কিমান দিন কেন্দ্ৰ দৃষ্টি যোগ কাৰ্যকৰী থাকিব সেয়া নিৰ্দিষ্টকৈ কোৱা নাযায়৷ এই শক্তিশালী যোগৰ শুভ প্ৰভাৱত সাফল্য আৰু উন্নতি আহিব কোন ৪ৰাশিৰ জীৱনলৈ৷ জানি থওক কেন্দ্ৰ দৃষ্টি যোগৰ সুফল পাব কোনে কোনে?
মেষ ৰাশি
বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগত বিশেষ শুভ ফল পাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ ব্যৱসায়ত বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ হ’ব পাৰে৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা জোৰদাৰ হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰশংসা পাব৷
কন্যা ৰাশি
বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগৰ প্ৰভাৱত সকলো কামতে সাফল্য পাব কন্যা ৰাশিৰ জাতকে৷ অফিচত প্ৰমোচন আৰু ইনক্ৰিমেণ্ট হ’ব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ হ’ব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ আপোনাৰ ওপৰত থকা পুৰণি ঋণৰ বোজাৰ পৰা মুক্তি পাব৷ মানসিক চাপ কমিব৷
তুলা ৰাশি
বুধ আৰু শনিৰ প্ৰভাৱত ১০ জুনৰ পৰা তুলা ৰাশিৰ জাতকৰ জীৱনত এটাৰ পাছত আনটো পজিটিভ পৰিবৰ্তন আহিব৷ ক্ৰিয়েটিভিটি বাঢ়িব৷ সংবাদমাধ্যম আৰু সৃজনশীল কামৰ সৈতে যিসকল যুক্ত তেওঁলোকে উন্নতি কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত সাফল্য পাব আৰু প্ৰতিপত্তি বাঢ়িব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাব পাব পাৰে৷
কুম্ভ ৰাশি
শনি আৰু বুধৰ কেন্দ্ৰ দৃষ্টি যোগে কুম্ভ ৰাশিৰ জাতকলৈ বৃহৎ আৰ্থিক লাভৰ সুযোগ আনি দিব৷ মাটি সংক্ৰান্তিয় গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষে আহিব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সুযোগ আহিব কুম্ভৰ জাতকৰ সন্মুখত৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় আৰু সমৰ্থন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















