হিন্দু ধৰ্মত পূৰ্ণিমা তিথিক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এবছৰত মুঠ ১২টা পূৰ্ণিমা তিথি থাকে। ইয়াৰে এটা হ’ল বৌদ্ধ পূৰ্ণিমা৷ চলিত বৰ্ষৰ ২৩ মে’ বৃহস্পতিবাৰে অৰ্থাৎ আজি বৌদ্ধ পূৰ্ণিমা। বৌদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে বৌদ্ধ পূৰ্ণিমাৰ দিনা দেৱী লক্ষ্মীয়ে ঘৰত বাস কৰে। সেয়ে বৌদ্ধ পূৰ্ণিমাৰ দিনটোত আমি কিছু কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ’লে দেৱী লক্ষ্মী ৰুষ্ট হৈ পৰে৷
বৌদ্ধ পুৰ্ণিমাৰ দিনা সুৰাপানৰ ওপৰিও নকৰিব এই কাম
এই দিনটোত লক্ষ্মীয়ে ৮টা ঐশ্ব্যৰিক ৰূপ লৈ পৃথিৱীত বিচৰণ কৰে৷ এই দিনটোত দেৱী লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে৷ এই পৰিস্থিতিত এটা কথা মন কৰিবলগীয়া যে বৌদ্ধ পূৰ্ণিমাৰ দিনা মাংস, মদ, ধূমপান আদি কৰিব নালাগে৷
এই সামগ্ৰী দান নকৰিব
বৌদ্ধ পূৰ্ণিমাৰ দিনটোত কোনো ক’লা বস্তু যেনে ক’লা দালি, ক’লা কাপোৰ, ক’লা তিল আদি দান কৰাটো উচিত নহয়৷ কাৰণ এই দিনটোত ক’লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায়৷ ৰাহুৰ কু-প্ৰভাৱৰ বাবে ঘৰত ঋণাত্মক শক্তিৰ প্ৰবাহ বাঢ়িবলৈ ধৰে৷
এই ৰঙৰ কাপোৰ নিপিন্ধিব
বৌদ্ধ পূৰ্ণিমাৰ দিনটোত ক’লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয়৷ লগতে ক’লা ৰঙে নেতিবাচক শক্তিৰ সঞ্চাৰণ কৰে ইফালে বগা ৰঙৰ কুপ্ৰভাৱত পৰিয়ালত বিসংগতি বৃদ্ধি পায় আৰু শান্তি বিঘ্নিত হয়৷
কাকো অপমান নকৰিব
পূৰ্ণিমাৰ দিনা চিন্তা-বাক্য-কৰ্মত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰাটো উচিত নহয়৷ ইয়াৰ ফলত দেৱতাৰ লগতে পূৰ্বপুৰুষৰ খং উঠে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ