অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ ৰিকি পণ্টিঙে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদ নাকচ কৰিছে। বিচিচিআই এ প্ৰাক্তন খেলুৱৈগৰাকীৰ সৈতে যোগাযোগ কৰিছিল, পাছে সেই প্ৰস্তাৱ নাকচ কৰে পণ্টিঙে। তেঁও কয় যে বৰ্তমান তেওঁৰ ‘জীৱনশৈলী’ৰ লগত ই খাপ নাখায়।
শেহতীয়াকৈ আই পি এলৰ দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে ৭টা ছিজন সম্পূৰ্ণ কৰা পণ্টিং ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অন্তৱৰ্তীকালীন টি-২০ প্ৰশিক্ষক হিচাপে কাম কৰিছিল।
এই ক্ষেত্ৰত লগতে ইয়াকো কয় যে, ‘বৰ্তমানে জাতীয় দলৰ জ্যেষ্ঠ প্ৰশিক্ষক হ’লেহে ভাল পাম। মোৰ জীৱনত আন কিছুমান কাম আছে আৰু ঘৰতে কিছু সময় কটাব বিচাৰো’।
উল্লেখ্য যে, অহা মাহৰ টি-২০ বিশ্বকাপৰ শেষত ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকৰ চুক্তিৰ ম্যাদ উকলি যাৱ। পাছে ৰাহুলে আৰু এই পদত থাকি আগবাঢ়ি যাবলৈ অনিচ্ছুক বুলি জানিব পৰা গৈছে।
পণ্টিঙৰ বাহিৰে আন কেইগৰাকীমান হাই প্ৰফাইল নাম এই তালিকাত আছে। উল্লেখ হোৱা নাম বোৰৰ ভিতৰত আছে- চেন্নাই ছুপাৰ কিংছৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখ্য প্ৰশিক্ষক জাষ্টিন লেংগাৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ গৌতম গম্ভীৰকো সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ