বুধনি মেঝান, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰু পত্নী বুলি এখন গাঁৱে তেঁওক স্বীকৃতি দিছিল৷ বৰ্তমান তেওঁ এই পৃথিৱীত নাই যদিও বুধনি মেঝানৰ বিষয়ে বহুজনেই জানিবলৈ আগ্ৰহী৷ কেতিয়া, ক’ত জৱাহৰলাল নেহৰুৱে বিয়া কৰাইছিল বুধনি মেঝানক? কিয় নিজৰ জন্মস্থান এৰি ওলাই আহিবলগা হৈছিল বুধনি? জৱাহৰলাল নেহৰুৱে বুধনি মেঝানৰ সৈতে এনে কি কৰিছিল যাৰবাবে বুধনিক নিৰ্বাসন দিছিল জন্মলাভ কৰা গাওঁখনে?
বুধনি মেঝানক জৱাহৰলাল নেহৰুৰ স্ত্ৰী বুলি কোৱাৰ আঁৰত আছে এটা বিশেষ গল্প৷ ১৯৫৯ চনৰ ৬ ডিচেম্বৰত ডিভিছিৰ পাঞ্চেত এটা ডেম উদ্বোধনৰ বাবে গৈছিল নেহৰু৷ পাঞ্চেত থকা এই অঞ্চলটো আদিবাসী অধ্যুষিত এলেকা হোৱাৰ বাবে সেইদিনা নেহৰুৱে সেইদিনা কোনো এগৰাকী আদিবাসী নাৰীৰ হাতত ধৰিয়েই এই প্ৰকল্প উদ্বোধন কৰিব বিচাৰিছিল৷ সেই বিশেষ অনুষ্ঠানতেই উপস্থিত হৈছিল বুধনি মেঝানো৷ তেতিয়া তেওঁ তৰুণী৷ তেওঁক দেখি তেওঁৰ হাতত ধৰিয়েই জৱাহৰলাল নেহৰুৱে পাঞ্চেত বিশেষ ডেমটো উদ্বোধন কৰে৷
অনুষ্ঠানস্থলীত জৱাহৰলাল নেহৰুক সম্বৰ্ধনা জনাবলৈ অনা মালাটোও বুধনিয়েই পিন্ধাইছিল নেহৰুক৷ বুধনিয়ে পিন্ধোৱা মালাডাল সেইদিনা প্ৰধানমন্ত্ৰী নেহৰুৱে ধেমালিতে আকৌ বুধনিকেই সেই মালা পিন্ধাই দিয়ে৷ অৰ্থাৎ দুজনৰ মাজত মালা সালসলনি হয়৷ ইয়াৰ পাছতেই বুধনিক সেই সমাজে বহিষ্কাৰ কৰে৷ কাৰণ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ডিঙিত মালা পিন্ধাইছে৷ নেহৰুৰ এটা ধেমালি এগৰাকী নাৰীৰ বাবে জীৱন মৰণৰ কথা হৈ উঠিব সেই কথা ঘূণাক্ষৰেও ভাৱিব পৰা নাছিল নেহৰুৱে৷
সমাজৰ পৰা বিতাড়িত হোৱাৰ পাছত বুধনিয়ে সেই ঠাই এৰি গুচি যায়৷ বুধনিৰ এই কাহিনী অৱশ্যে কাণত পৰে ৰাজীৱ গান্ধীৰ৷ ৰাজীৱ গান্ধীয়ে এই কাহিনী শুনাৰ লগে লগেই নিৰ্দেশ দিয়ে যে যিকোনো প্ৰকাৰে বুধনিক বিচাৰি উলিয়াব লাগে৷ অৱশেষত স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত বুধনিক ৰঘুনাথপুৰৰ এটা এলেকাত বিচাৰি উলিয়াই ৰাজীৱ গান্ধীয়ে পঠোওৱা দলে৷ তেতিয়ালৈ বুধনিয়ে সংসাৰ কৰিছে৷ আছে এগৰাকী কন্যাসন্তানো৷
বুধনিক বিচাৰি যোৱা কংগ্ৰেছৰ তৎকালীন সাংসদ আনন্দগোপাল মুখাৰ্জীয়ে ৰাজীৱ গান্ধীৰ কাষলৈ লৈ আহে বুধনিক৷ ৰাজীৱ গান্ধীয়ে লগে লগেই বুধনিক এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিয়ে৷ যি ডেম উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গৈছিল সেই ডেমতেই চাকৰিৰ ব্যৱস্থা কৰা হয় বুধনিৰ৷ কিন্তু বুধনিয়ে আজীৱন নিজৰ জন্মগাওঁত আৰু ভৰি থ’ব নোৱাৰিলে৷ শেহতীয়াকৈ ২০২৩ চনৰ ১৯ নৱেম্বৰত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বুধনি মেঝানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ