আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ
আজি ১৩ নৱেম্বৰ বুধবাৰে দেশৰ লগতে অসমতো উপ-নিৰ্বাচন । দেশৰ ১০খন ৰাজ্যৰ ৩১খন বিধানসভা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন। অসমৰ পাঁচখন বিধানসভাৰ আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। ধলাই (সংৰক্ষিত), চিদলী (সংৰক্ষিত), বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচন।
শেহতীয়া লোকসভা নিৰ্বাচনত এই আসনসমূহৰ পৰা বিধায়কসকলৰ জয়ৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে অধিকাংশই প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে।
৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা।
চামগুৰিত মুঠ ভোটাৰ ১ লাখ ৮০ হাজাৰ ৮৫৪গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯১ হাজাৰ ৪৯৩ জন আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৮৯ হাজাৰ ৩৫০গৰাকী। ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ২৯২গৰাকী। ভোট কেন্দ্ৰ হ’ল ১৯৭টা।
বিহালীৰ মুঠ ভোটাৰ ১ লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী। বিহালীত পুৰুষ ভোটাৰ ৬৬ হাজাৰ ৩৯ জন। মহিলা ভোটাৰৰ সংখ্যা ৬৬ হাজাৰ ৫৩৯ গৰাকী। বিহালীত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১৪৮ গৰাকী। বিহালী সমষ্টিত আছে ১৫৪টা ভোট কেন্দ্ৰ।
বঙাইগাঁৱৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৮২ হাজাৰ ৩৫৪গৰাকী। বঙাইগাঁৱত পুৰুষ ভোটাৰ ৮৯ হাজাৰ ৫১০জন। বঙাইগাঁৱত মহিলা ভোটাৰৰ সংখ্যা ৯২ হাজাৰ ৮৪২ গৰাকী। সমষ্টিটোত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১১৪ গৰাকী। বঙাইগাঁও সমষ্টিত আছে ২৪৬টা ভোট কেন্দ্ৰ।
চিদলী সমষ্টিৰ মুঠ ভোটাৰ হ’ল ২ লাখ ১৭ হাজাৰ ২৩৬গৰাকী। চিদলীত পুৰুষ ভোটাৰ ১ লাখ ৭ হাজাৰ ৯২৪ জন। চিদলীত মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৯ হাজাৰ ৩০৮গৰাকী। চিদলীত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ৬৭৭গৰাকী। চিদলী সমষ্টিত আছে ২৭৩টা ভোট কেন্দ্ৰ।
ধলাইৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৯৭ হাজাৰ ৬৪২ গৰাকী। ধলাইত পুৰুষ ভোটাৰ ৯৯ হাজাৰ ৭৫৬ জন। মহিলা ভোটাৰৰ সংখ্যা ৯৭ হাজাৰ ৮৮৫গৰাকী। ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ৫৬৫গৰাকী। ভোট কেন্দ্ৰ হ’ল ২০৮টা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ