তেওঁ নিজেই এগৰাকী কাৰ্ডিয়াক চাৰ্জন৷ হাস্পতালত ৰোগী চাওঁতে চাওঁতে ৩৯ বছৰ বয়সত সেই চিকিৎসকেই হৃদৰোগত আক্ৰান্ত হৈ জীৱন হেৰুৱালে৷ মৃত চিকিৎসকৰ নাম গ্ৰেডলিন ৰয়৷ তেওঁ চেন্নাইৰ সবিতা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আছিল৷ বিগত বুধবাৰে এই মৰ্মান্তিক ঘটনা ঘটিছে৷
হায়দৰাবাদৰ এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞ সুধীৰ কুমাৰে জনাইছে যে চিকিৎসকগৰাকীক বচাবৰ বাবে হাস্পতালৰ অন্যান্য চিকিৎসকসকলেও সকলোধৰণৰ চেষ্টা কৰিছিল৷ কিন্তু তাৰপিছতো মৃত্যু হয় সেই চিকিৎসকৰ৷ তেওঁ কয়, সেই সহকৰ্মীগৰাকীৰ ওপৰত চিপিআৰ, ষ্টেণ্টিংসহ জৰুৰী এঞ্জিঅপ্লাষ্টি, ইন্ট্ৰা অৰোটিক বেলুন পাম্প, সকলোবোৰ চিকিৎসাই কৰা হৈছিল কিন্তু কোনো চিকিৎসাই তেওঁৰ জীয়াই ৰাখিব নোৱাৰিলে৷ তেওঁৰ মূল ধমনীত ১০০ শতাংশ ব্লকেজ ধৰা পৰিছিল৷
কেৱল গ্ৰেডলিন ৰয়েই নহয় সাম্প্ৰতিক সময়ত ৩০ৰ পৰা ৪০ বছৰ বয়সীয়া তৰুণ চিকিৎসকৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা অদ্ভুতভাৱে বাঢ়ি গৈছে৷ বিশেষজ্ঞই জনোৱামতে দীৰ্ঘসময় ধৰি কাম কৰাৰ ফলতেই এই ৰোগৰ আশংকা বাঢ়ি গৈছে চিকিৎসকৰ মাজত৷ বহু চিকিৎসকে এদিনতেই ১২ৰ পৰা ১৮ ঘণ্টা সময় কাম কৰে৷ বহুতেই একেৰাহে ২৪ ঘণ্টাও কাম কৰে৷
কামৰ ওপৰিও মাৰাত্মক ষ্ট্ৰেছ, জীৱন মৃত্যুৰ সন্ধিক্ষণত থিয় হৈ কঠিন সিদ্ধান্ত লোৱা, ৰোগীৰ প্ৰত্যাশাৰ চাপ, মেডিকোলিগেল বিষয়ক লৈ চিন্তাৰ দৰে বিষয়সমূহে চিকিৎসকৰ স্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছে৷ ইয়াৰোপৰি আছে অনিয়মিত খোৱাবোৱা, শাৰীৰিক কছৰত নকৰা, স্বাস্থ্য পৰীক্ষা এৰাই চলা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ