অসম লাইভ২৪ঃ দেশে নতুন সংসদভৱন পালে। এইবাৰ নতুন ৰূপ দিয়া হ’ব উচ্চতম ন্যায়ালয়কো। দেশৰ শীৰ্ষ আদালতৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ৰ হীৰক জয়ন্তীৰ অনুষ্ঠানত যোগ দি এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ৮০০ কোটি টকা উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে খৰচ কৰা হ’ব। দেওবাৰে ছুপ্ৰিম কৰ্টৰ ৭৫তম বাৰ্ষিকীৰ অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আমাৰ চৰকাৰে দেশৰ আদালতসমূহৰ পৰিকাঠামো উন্নয়ন আৰু সংস্কাৰৰ লক্ষ্য আগত ৰাখিয়েই এই কাম কৰিবলৈ আগবাঢ়িছো। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু গোচৰ দিবলৈ অহা নাগৰিকসকল কি কি সমস্যাৰ সন্মুখীন হয় সেই সম্পৰ্কে আমাৰ চৰকাৰ অৱগত। বিগত সপ্তাহত আমি ৮০০ কোটি টকা ছুপ্ৰিম কৰ্টৰ সম্প্ৰসাৰণ আৰু পৰিসেৱা উন্নীতকৰণৰ বাবে মুকলি কৰি দিছো।’
আৰ্থিক অনুদান আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সমালোচনা কৰি কয়, ‘আশা কৰো বিৰোধীয়ে এই খৰচক অপব্যয় বুলি যাতে পিটিছন দাখিল নকৰে। এয়া বেকাৰ খৰচ বুলি যাতে বিৰোধীয়ে নকয়। কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ সময়তো বিৰোধীয়ে এনেকৈয়ে কৈছিল।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘আমাৰ চৰকাৰে যেনেকৈ জীৱনযাত্ৰা সহজ কৰি তুলিছে, যোগাযোগৰ ব্যৱস্থাও উন্নত কৰিছে। যাতায়াতৰ পথ সুগম কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। সেয়ে এইবাৰ আমি উচ্চতম ন্যায়ালয়ৰ বিচাৰব্যৱস্থাও সহজ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰি কাম কৰিছো।’
এই অনুষ্ঠানৰ পৰাই প্রধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱেবচাইটো উদ্বোধন কৰিছে। মুখ্য ন্যয়াধীশ ডিৱাই চন্দ্ৰচূৰৰ ব্যাপক প্ৰশংসাও কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। ইয়াৰোপৰি আদালতক ডিজিটেলাইজ কৰাৰ বাবেও চন্দ্ৰচূড়ৰ প্ৰশংসা কৰিছে মোদীয়ে।
উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণ
১৯৫০ চনৰ ২৮ জানুৱাৰীৰ পৰা উচ্চতম ন্যায়ালয়ৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ৰ বাবে কোনো পৃথক ভৱনো নাছিল। সংসদ ভৱনৰ পৰাই আদালতৰ কামকাজ চলিছিল। ১৯৫০ চনত সংবিধান ৰচনাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ ৭ জন অধিবক্তাক লৈ বিচাৰব্যৱস্থা গঠন কৰা হয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ দায়িত্বও তেতিয়া সংসদৰ ওপৰতে। ১৯৫০ চনৰ পৰা ২০১৯ চনৰ মাজলৈকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৭গুণ বঢ়াই ৩৪ জন কৰা হ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ