বৈদিক জ্যোতিষ শাস্ত্ৰত চন্দ্ৰক মন, আবেগ আৰু মাতৃত্বৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়৷ চন্দ্ৰৰ নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ সৌৰজগতত সকলোতকৈ দ্ৰুত নিজৰ স্থান পৰিবৰ্তন কৰে চন্দ্ৰই৷ কেতিয়াবা কেতিয়াবা এক ডেৰ দিনৰ ভিতৰত নিজৰ স্থান সলনি কৰে৷ যিয়ে অলপ সময়ৰ বাবে হ’লেও কিছু ৰাশিৰ জাতকৰ জীৱনত হঠাৎ শুভ পৰিবৰ্তন ঘটিব পাৰে৷ শুকুৰবাৰে ১০ এপ্ৰিলত ঘটিছে তেনে এক ঘটনা৷ পুৱা ১১ বাজি ২৭ মিনিটত চন্দ্ৰই সূৰ্যৰ উত্তৰ আষাঢ় নক্ষত্ৰত প্ৰৱেশ কৰিছে৷এ ই নক্ষত্ৰত চন্দ্ৰ কাইলৈ ১১ এপ্ৰিল অৰ্থাৎ শনিবাৰৰ দুপৰীয়া ১ বাজি ৩৯ মিনিট পৰ্যন্ত থাকিব৷ এই সময়ত ইতিবাচক প্ৰভাৱ পৰিব ৪ৰাশিৰ জীৱনত৷ এই ২৬ ঘণ্টাৰ ভিতৰত জীৱনত অৰ্থলাভ আৰু সাফল্যৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?
কৰ্কট ৰাশি
চন্দ্ৰৰ এই নক্ষত্ৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ আৰ্থিক দিশৰ পৰা শক্তিশালী হৈ উঠিব৷ নতুন আয়ৰ উৎস তৈয়াৰ হব৷ যিয়ে ভৱিষ্যতলৈ স্থিতিশীলতা আনি দিব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা পাব পাৰে৷ ব্যক্তিগত জীৱনত জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব৷ যিয়ে মানসিক শান্তি আনি দিব৷ বিনিয়োগৰ পৰা ভাল লাভৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ সূৰ্যৰ অধীনত নক্ষত্ৰত প্ৰৱেশ বিশেষভাৱে লাভজনক হব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হব আৰু কেৰিয়াৰত একাধিক ভাল সুযোগ সন্মুখলৈ আহিব৷ যিসকলে চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় অনুকূল হব৷ প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু বুজাপৰা বাঢ়িব৷ মন শান্ত থাকিব আৰু পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ত উল্লেখযোগ্য উন্নতিৰ সুযোগ আছে৷ আৰ্থিক অৱস্থা পূৰ্বতকৈ বহুপৰিমাণে ভাল হব৷ চাকৰিয়ালৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ অৰ্থ আৰু কেৰিয়াৰ সংক্ৰান্তিয় বৃহৎ সিদ্ধান্ত লোৱাৰ বাবে এই সময় উপযুক্ত৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ এই নক্ষত্ৰ গোচৰে ইতিবাচক ফল আনিব পাৰে৷ কামৰ পথত যি বাধা আছিল সেয়া দূৰ হব৷ খৰচ নিয়ন্ত্ৰণত ৰাখিব পাৰিব আৰু আৰ্থিক পৰিকল্পনা আৰু শক্তিশালী হব৷ ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷ এই সময়ত নতুন সুযোগ আৰু সাফল্য লাভৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















