অসম লাইভ ২৪ঃ আজি বিশ্ববিখ্যাত বিপ্লৱী চে গুৱেভেৰাৰ জন্মদিন। ১৯২৮ চনত আজিৰ দিনটোতে জন্মলাভ কৰা বিপ্লৱীগৰাকীয়ে বিশ্বৰ শোষিত জনতাৰ হৈ যুঁজ দি গৈছিল। জনতাক ন্যায় প্ৰদানৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা এইগৰাকী বিপ্লৱীয়ে কিউবাৰ ৰাজনৈতিক স্বাধীনতাৰ ক্ষেত্ৰত অদম্য ভূমিকা পালন কৰিছিল। মাত্ৰ ৩৯ বছৰ বয়সত গুলীয়াই হত্যা কৰা হৈছিল এইগৰাকী বিপ্লৱীক। পিছে এই চুটি জীৱনকালত এবাৰ ভাৰত ভ্ৰমণ কৰিছিল চে গুৱেভেৰাই। ১৯৫৯ চনত ভাৰত ভ্ৰমণ কৰাৰ ৰিপ’ৰ্ট কাৰ্ড ফিডেল ক্ৰাষ্ট’ৰ হাতত অৰ্পণ কৰিছিল। ভাৰত ভ্ৰমণৰ এই সময়ছোৱাত কেইবাগৰাকীও ৰাজনৈতিক নেতাক লগ কৰিছিল গুৱেভেৰাই। ইয়াৰ ভিতৰত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল অন্যতম। নেহৰুৰ ব্যক্তিত্বই আকৰ্ষণ কৰিছিল গুৱেভেৰাক। ভাৰতক বিদায় দি যোৱাৰ সময়ছোৱাৰ অভিজ্ঞতাও ৰিপ’ৰ্ট কাৰ্ডত লিখিছিল এনেদৰে- ‘মই যেতিয়া ভাৰতৰ পৰা উভতিছিলো, তেতিয়া মোক বিদায় দি স্কুলৰ শিশুসকলে কৈছিল- কিউবা-ভাৰত ভাই ভাই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ