ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত
নতুন বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত নক্সালবাদীৰ বৃহৎ আক্ৰমণ। যি আক্ৰমণত প্ৰাণ হেৰুৱাই ৯ গৰাকীকৈ সেনা জোৱানে। ৰাজ্যখনৰ বিজাপুৰ জিলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এম্বুছ কৰি নক্সালবাদীয়ে সোমবাৰে জোৱানৰ বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাত ৯ জন জোৱান শ্বহীদ হয়।
নক্সাল প্ৰভাৱিত কুট্ৰুৰ পৰা বেদ্ৰেলৈ যোৱা পথত কাৰ্কেলিৰ সমীপত জোৱান ভৰ্তি এখন পিকআপ বাহনক লক্ষ্য কৰি নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ ঘটায়। এই আক্ৰমণত এতিয়ালৈকে ৯ জন জোৱান শ্বহীদ হোৱা বুলি নিশ্চিত কৰিছে এডিজি নক্সাল অপাৰেচন বিবেকানন্দ সিনহাই।
আনহাতে কেইবাজনো সেনা জোৱান আহত। কোৱা হৈছে যে শ্বহীদৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। একাংশ জোৱান গুৰুতৰভাৱে আহত । আজি ৬ ডিচেম্বৰ সোমবাৰে দিনৰ ২.১৫ মান বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নক্সালৰ আক্ৰমণৰ সময়ত সেনাৰ বাহনখনত ১৫ ৰো অধিক সেনা থকা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ