কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু
বছৰৰ আৰম্ভমিতে তীব্বতৰ পৰা আহিল অতিকে ভয়ংকৰ খবৰটো। ৰিখটাৰ স্কেলৰ ৭.১ প্ৰাবল্যৰ ভূমিকম্পই এফালৰ ধ্বংস কৰি গৈছে তীব্বতৰ বহু এলেকা। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৫৩ গৰাকীয়ে। আহত হৈছে ৬২ গৰাকী। এতিয়াও ধংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে বহু লোক। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা।
মঙলবাৰে পুৱা তিব্বতত এই প্ৰবল ভূমিকম্পৰ অনুভুত হয়। মুঠ ৫ টাকৈ ভুমিকম্পই জোকাৰি যায় প্ৰদেশখন। চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰ (CENC)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৯:০৫ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.১।
চীন চৰকাৰৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি তিব্বতৰ শ্বিজাং চহৰৰ ডিংৰি কাউন্টিত এই ভূমিকম্পটো আহিছিল। এতিয়ালৈকে উদ্ধাৰ হোৱা সকলৰ ভিতৰত ৬২ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ২৮.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৭.৪৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰবিন্দু।
ইয়াৰ পূৰ্বে তিব্বত অঞ্চলৰ শ্বিজাঙত মঙলবাৰে পুৱাৰে পৰা ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে বুলি নেশ্যনেল চেইজম’লজীয়ে জানিবলৈ দিয়ে। ইয়াত পুৱা ৬:৩০ বজাত ১০ কিলোমিটাৰ গভীৰতাত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছতে ৭:০২ বজাত ৪.৭ প্ৰাবল্যৰ ভূমিকম্প, ৭:৭ বজাত ৪.৯ আৰু ৭:১৩ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প হয়।
নেপাল আৰু ভাৰততো এই ভূমিকম্পৰ কম্পন অনুভুত হৈছিল৷ ভাৰতৰ বিহাৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল এই ভূমিকম্পৰ ফলত। ইয়াৰ উপৰিও অসম, ছিকিম আৰু পশ্চিম বংগৰ কিছু অংশতো ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ