অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম জন্মভূমিৰ মাটিক লৈ থকা বিতৰ্ক সন্দৰ্ভত ছুপ্ৰিম কৰ্টৰ যুগান্তকাৰী ৰায় দানৰ চাৰি বছৰৰো বেছি সময় পাৰ হৈছে। ২২ জানুৱাৰীত সেই সেই বিতৰ্কিত ভূমিতেই ৰাম মন্দিৰৰ উদ্বোধন হ’ব। কিন্তু ৰাম মন্দিৰৰ ভূমিৰ ৰায়ক লৈ মানুহৰ আগ্ৰহ এতিয়াও কমা নাই। সাধাৰণতে কোনো গোচৰৰ ৰায় লিখে কোনো এজন বা একাধিক বিচাৰপতিয়ে। সেই ৰায়ক সমৰ্থন কৰে বেঞ্চত থকা অন্যসকলে। কিন্তু ৰাম মন্দিৰৰ ৰায়দানৰ ক্ষেত্ৰত সেয়া নহ’ল। কোনো একক বিচাৰকক এই ৰায়ৰ লেখক হিচাপে কৃতিত্ব দিয়া হোৱা নাই।
সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত এই ৰায়ৰ আঁৰত লুকাই থকা কেইবাটাও কাহিনী জনাইছে মুখ্য ন্যায়াধীশ ডিআই চন্দ্ৰচূড়ে। ২০১৯চনৰ ৯ নৱেম্বৰত এই ৰায় দিছিল ছুপ্ৰিম কৰ্টে। সেই সময়ত অৱশ্যে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় নাছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈ। ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠৰ অন্যতম এজন সদস্যহে আছিল ডিৱাই চন্দ্ৰচূড়। পিটিআইৰ সন্মুখত চন্দ্ৰচুড়ে এই সন্দৰ্ভত কয়, ‘ৰামজন্মভূমিৰ ৰায়দানৰ ক্ষেত্ৰত ৫জনীয়া বিশেষ বেঞ্চৰ কোনো এজন ন্যায়াধীশকেই এই ৰায়ৰ কৃতিত্ব বা দায় এজন মানুহৰ কান্ধত আমি জাঁপি দিব নোখোজো। এই ৰায়ৰ পূৰ্বে ৫জনীয়া বেঞ্চৰ সকলোৰে সৈতে ৰঞ্জন গগৈয়ে আলোচনা কৰিছিল। সেই সময়ত আমাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছিল। সেয়ে এই ৰায়ৰ বাবে অকল ৰঞ্জল গগৈক দোষী বুলি ভৱা বা কৃতিত্ব দিয়া উচিত নহয়। এজন ন্যায়াধীশ ইয়াৰ কৃতিত্ব বা দায় লাভ কৰিব নোৱাৰে।’
তেওঁ লগতে কয়, ‘প্ৰকৃততে এই মাটিৰ এক দীৰ্ঘ ইতিহাস আছে। বেঞ্চত থকা ন্যায়াধীশৰ ভিন্ন ভিন্ন দৃষ্টিভংগী থাকিলেও এই দীৰ্ঘদিনীয়া ইতিহাস বিচাৰ কৰিহে আমি সিদ্ধান্ত লৈছিলো। এই ৰায় একক ন্যায়াধীশৰ ৰায় নহয় এই ৰায় ৫জনীয়া বিশেষ বিচাৰপীঠৰ ৰায়, অৰ্থাৎ এক কথাত আদালতৰ ৰায়। আদালতত সদায়ে এক কণ্ঠেৰে এক ধাৰণাতেই কথা ক’ব লাগে। আমি সকলোৱে কেৱল চুড়ান্ত ৰায়ৰ ক্ষেত্ৰতেই নহয় ৰায়ত উল্লেখিত কাৰণসমূহতো ঐক্যমত দিছিলো। এই বিষয়ত আমি এটা পৰিষ্কাৰ বাৰ্তা দিব বিচাৰিছিলো।’
উল্লেখ্য যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে শতাব্দীপ্ৰাচীন ৰামজন্মভূমি বিতৰ্কৰ ৰায়ত জনাইছিল যে, হিন্দুসকলৰ বিশ্বাস যে ভগৱান ৰামে এই স্থানতেই জন্মগ্ৰহণ কৰিছিল। সেয়ে এই মাটিৰ তেঁৱেই মালিক। হিন্দুসকলৰ এই অপ্ৰতিদ্বন্দী বিশ্বাসক স্বীকাৰ কৰি, সেই বিশ্বাসৰ ভিত্তিতেই এই মাটিৰ মালিকীস্বত্ব ৰামৰ নামত দিয়া হৈছে। ইয়াৰোপৰি মুছলমান পক্ষকো এটা মছজিদ তৈয়াৰৰ বাবে অযোধ্যাৰ কোনো ভাল স্থানত ৫ একৰ মাটি দিয়া হ’ব। ৰায়ত লগতে কোৱা হৈছে যে ষোড়শ শতিকাৰ বাবৰি মছজিদ ধ্বংস কৰাটো হিন্দুসকলৰ ভুল কাম আছিল। ইয়াৰ প্ৰতিকাৰ কৰাটোও আৱশ্যক বুলিও জনাইছিল আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ