অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ সংহাৰৰ মাজতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে দুটা ভাল খবৰ। ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুনাম অর্জন কৰি অহা বিশ্বজিৎ বৰাৰ ছবি ‘বেলকনিত ভগৱান’ নির্বাচিত হৈছে চীনৰ ২৪ সংখ্যক চাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। অহা ১১ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱত ছবিখন পেনোৰামা শিতানত প্ৰদর্শিত হ’ব। একেদৰে সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ বিখ্যাত গল্প ‘শগুন’ৰ আধাৰত নির্মিত উৎপল বৰপূজাৰীৰ একে নামৰ চুটি ছবিয়ে শেহতীয়াকৈ নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ নির্বাচিত হৈছে। অহা ৪ৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া চলচ্চিত্ৰ মহোৎসৱত ‘শগুন’ প্ৰদর্শিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ